২৪ ঘণ্টাৰ ভিতৰত দ্বিতীয়টো ভূমিকম্প আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত!

নেচনেল ডেস্ক:

২৪ ঘণ্টাৰ ভিতৰত দ্বিতীয়টো ভূমিকম্পই জোকাৰি গ’ল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ। আজি পুৱা প্ৰায় ৬.৫৯ বজাত ৰিখটাৰ স্কেলত ৪.৪ প্ৰাবল্যত সংঘটিত হয় ভূমিকম্পটো।এই তথ্য সদৰি কৰিছে ৰাষ্ট্ৰীয় ভূকম্পণ বিজ্ঞান কেন্দ্ৰই। প’ৰ্টব্লেয়াৰৰ পৰা ১০৬ কিলোমিটাৰ পূব,উত্তৰ-পূবত সংঘটিত হয় এই ভূমিকম্পটো। ভূমিকম্পৰ উৎপত্তিস্থল ৭০ কিলোমিটাৰ গভীৰতাত আছিল। এই পৰ্যন্ত কোনো ধৰণৰ হতাহতিৰ খবৰ পোৱা হোৱা নাই।

ইয়াৰ পূৰ্বে, শুকুৰবাৰে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত সংঘটিত হৈছিল ৰিখটাৰ স্কেলত ৪.৯ প্ৰাবল্যৰ আন এটা ভূমিকম্প। আন্দামান আৰু নিকোবৰ দ্বীপৰ ডিগলীপুৰৰ উত্তৰ,উত্তৰ-পূবত ১০৮ কিলোমিটাৰ দূৰত্বত আৰু প্ৰায় ১০ কিলোমিটাৰ গভীৰতাত সংঘটিত হৈছিল ভূমিকম্পটো।।

You might also like
Leave A Reply

Your email address will not be published.