জম্মু-কাশ্মীৰৰ শ্বোপিয়ানত নিৰাপত্তাৰক্ষীৰ বৃহৎ সফল অভিযান। শ্বোপিয়ানৰ কাপ্ৰেন অঞ্চলত সন্ত্ৰাসবাদীক এনকাউন্টাৰ জম্মু-কাশ্মীৰ আৰক্ষী আৰু ভাৰতীয় সেনাৰ। নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা এনকাউণ্টাৰত নিহত জইছ-ই-মহম্মদ সন্ত্ৰাসবাদী সংগঠনৰ এটা দুধৰ্ষ সন্ত্ৰাসবাদী। খৱৰটো টুইটযোগে সদৰি কৰে কাশ্মীৰৰ এডিজিপিয়ে। নিহত সন্ত্ৰাসবাদী কামৰন ভাই ওৰফে হানীছ বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত এতিয়াও অব্যাহত আছে অভিযান ।।
