ড্ৰাগছৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ বৃহৎ সফলতা। অসম ৰাইফলছে মণিপুৰৰ সীমান্তৱৰ্তী চহৰ ম’ৰেত জব্দ কৰে ১১৮ কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ। ম’ৰে আৰক্ষী থানাৰ অন্তৰ্গত নিউ ম’ৰে অঞ্চলৰ পুংচিং গাঁৱত অসম ৰাইফলছে স্থাপন কৰা এটা চেক পষ্টত জব্দ কৰা এখন অটোৰিক্সাত তালাচীৰ চলাই উদ্ধাৰ কৰে ১১৮ কিলোগ্ৰাম ছ্যুড’ইফেড্ৰিন টেবলেটৰ ৫টা বেগ। অৱশ্যে অটোৰিক্সাখনৰ চালকজন পলাই যাবলৈ সক্ষম হয়। জব্দকৃত টেবলেটখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ১১৮ কোটি টকা।।
