আজি ২৫ নৱেম্বৰ

▶️১৮৬৬ চনৰ আজিৰ দিনটোতেই এলাহাবাদ উচ্চ ন্যায়ালয় মুকলি হৈছিল। ১৮৬৬ চনৰ পৰা ১৮৬৮ চনলৈকে এই ন্যায়ালয়ৰ কাম-কাজ আগ্ৰাত চলিছিল। ১৮৬৯ চনত ইয়াক এলাহাবাদলৈ অনা হয়।
▶️১৯৩০ চনৰ এই দিনটোতেই সাহিত্যিক, বুৰঞ্জীবিদ লীলা গগৈৰ জন্ম হৈছিল।
▶️১৯৪৮ চনৰ এই দিনটোতেই ভাৰতত ছাত্ৰ-ছাত্ৰী সকলৰ বাবে ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী (National Cadet Corps,চমুকৈ NCC) প্ৰতিষ্ঠা হৈছিল।
▶️১৯৭৪ চনৰ আজিৰ দিনটোতেই ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন সচিবপ্ৰধান ইউ থান্টৰ মৃত্যু হৈছিল।
▶️১৯৭৫ চনৰ এই দিনটোতেই ছুৰিনাম আৰু পাপুৱা নিউগিনিৰ স্বাধীনতা লাভ।
▶️১৯৮৮ চনৰ এই দিনটোতেই ভাৰতীয় অভিযাত্ৰী দলৰ সদস্য ৰূপে ৰাঘৱ চন্দ্ৰ ডেকাৰ এন্টাৰ্কটিকালৈ যাত্ৰা।দলটোৱে এই দিনটোতেই গোৱাৰ পৰা যাত্ৰা আৰম্ভ কৰি ২১ ডিচেম্বৰৰ ১:৩০ বজাত এন্টাৰ্কটিকাত উপস্থিত হয়।এন্টাৰ্কটিকালৈ যোৱা ডেকাই হ’ল প্ৰথম অসমীয়া।
▶️১৯৯০ চনৰ এই দিনটোতেই ভাৰতৰ প্ৰাক্তন নিৰ্বাচন আয়ুক্ত আৰ ডি এছ পেৰী শাস্ত্ৰীৰ মৃত্যু হৈছিল।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই বৰ্ষীয়ান গান্ধীবাদী নেতা বাবা আমতেলৈ সেই বৰ্ষৰ ‘গান্ধী শান্তি বঁটা’ ঘোষণা।।

 

You might also like
Leave A Reply

Your email address will not be published.