মহাৰাষ্ট্ৰত লোমহৰ্ষক হত্যাকাণ্ড!

এজন পুত্ৰই দেউতাকৰ অসুস্থতাত অতিষ্ঠ হৈ তেওঁৰ মূৰত শিলেৰে আক্ৰমণ কৰি পিছত ডিঙি কাটি হত্যা কৰে !

নেচনেল ডেস্ক :

হাৰাষ্ট্ৰৰ সাংস্কৃতিক চহৰ ডম্বিৱালীত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড। এজন পুত্ৰই দেউতাকৰ অসুস্থতাত অতিষ্ঠ হৈ তেওঁৰ মূৰত শিলেৰে আক্ৰমণ কৰি পিছত ডিঙি কাটি হত্যা কৰে ।

হত্যাৰ পিছত, অভিযুক্ত পুত্ৰই নিজেই আৰক্ষী চকীলৈ ফোন কৰিছিল আৰু জনাইছিল যে তেওঁ নিজৰ দেউতাকক হত্যা কৰিছে । অভিযুক্ত পুত্ৰৰ নাম তেজছ শ্যামসুন্দৰ চিন্দে আৰু মৃত পিতৃৰ নাম শ্যামসুন্দৰ চিন্দে ।
এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আৰক্ষীয়ে জনোৱা অনুসৰি, শ্যামসুন্দৰ চিন্দে তেওঁৰ পত্নী আৰু পুত্ৰ তেজছৰ সৈতে ডম্বীৱালীৰ খাম্বলপাডাৰ ভৈৰৱাড়ী অঞ্চলত বাস কৰিছিল। শ্যামসুন্দৰ শিন্দে যোৱা কেইমাহমান ধৰি অসুস্থ আছিল। অসুস্থতাৰ বাবে পুত্ৰ তেজছ শ্যামসুন্দৰৰ বিৰক্তি বাঢ়ি গৈছিল। এই বিষয়ে তেজছ আৰু শ্যামসুন্দৰৰ মাজত সদায় তৰ্ক বিতৰ্ক হৈছিল ।
শেহতীয়াকৈ শ্যামসুন্দৰৰ পত্নী ঘৰৰ বাহিৰলৈ যাওঁতেই তেজছ আৰু শ্যামসুন্দৰ পুনৰ তৰ্কত লিপ্ত হৈছিল। তৰ্কৰ পিছত, দেউতাক শ্যামসুন্দৰ টোপনি গৈছিল। তেতিয়াই তেজছে শ্যামসুন্দৰৰ মূৰত এটা শিলেৰে আক্ৰমণ কৰাত শ্যামসুন্দৰ কঁপিবলৈ ধৰে। কিন্তু তাৰ পাছতো নিষ্ঠুৰ পুত্ৰই শাক-পাচলি কটা চুৰিৰে শ্যামসুন্দৰৰ ডিঙি কাটি দিছিল ।
হত্যাৰ পিছত, তেজছে নিজেই তিলকনগৰ আৰক্ষী থানালৈ ফোন কৰিছিল আৰু কৈছিল যে তেওঁ নিজৰ দেউতাকক হত্যা কৰিছে।লগে লগে তেজছক তিলকনগৰ আৰক্ষীয়ে আটক কৰে।।

You might also like
Leave A Reply

Your email address will not be published.