৩ ঘণ্টাৰ অন্তত জীৱিত হৈ উঠিল এটি দেৱশিশু!

মৃত্যুৰ দুৱাৰদলিৰ পৰা উভতিল এটি দেৱশিশু। নাম ৱেইলন চাউণ্ডাৰ্ছ, বয়স মাত্ৰ ২০ মাহ!

ইন্টাৰনেচনেল ডেস্ক:

মৃত্যুৰ দুৱাৰদলিৰ পৰা উভতিল এটি দেৱশিশু। নাম ৱেইলন চাউণ্ডাৰ্ছ, বয়স মাত্ৰ ২০ মাহ। জানুৱাৰী মাহৰ ২৪ তাৰিখে ৱেইলনৰ সৈতে সংঘটিত হৈছিল এক ভয়ংকৰ দুৰ্ঘটনা। লণ্ডনৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰৈৰ পেট্ৰ’লিয়া চহৰত বৰফেৰে আবৃত এটা চুইমিং পুলত বাগৰি পৰিছিল ৱেইলন চাউণ্ডাৰ্ছ নামৰ দেৱ শিশুটি। চুইমিং পুলটোত প্ৰায় ৫ মিনিটতকৈও অধিক সময় ককবকাই থকা শিশুটিক উদ্ধাৰ কৰাৰ সময়ত নাছিল শিশুটিৰ হৃদস্পন্দন। বহু সময় পানীৰ তলত ডুবি থকাৰ ফলত অৱশ হৈ পৰিছিল ২০ মহীয়া শিশুটিৰ সমগ্ৰ শৰীৰ। সেই মূহুৰ্তত শিশুটি জীৱন্ত অৱস্থাত আছিল নে নাই সেই কথা কোনোৱে সঠিকভাৱে জনা নাছিল যদিও ততাতৈয়াকৈ শিশুটিক ভৰ্তী কৰোৱা হৈছিল নিকটৱৰ্তী এখন চিকিৎসালয়ত। মূল চহৰৰ পৰা বহু দূৰৈত অৱস্থিত সৰু চহৰখনত চিকিৎসাৰ উন্নত ব্যৱস্থা নথকা স্বত্বেও শিশুটিক পুনৰজ্জীৱিত কৰাত ব্যস্ত হৈ পৰিছিল চিকিৎসালয়খনৰ প্ৰতি গৰাকী কৰ্মচাৰী। প্ৰায় ৩ ঘণ্টাৰো অধিক সময় শিশুটিক CPR দিয়াৰ অন্তত সুস্থ হৈ উঠে দেৱশিশু ৱেইলন চাউণ্ডাৰ্ছ।

উল্লেখ্য যে, শিশুটিক সুস্থ কৰি তোলাৰ ক্ষেত্ৰত পেট্ৰ’লিয়া চহৰৰ চিকিৎসালয়ৰ চিকিৎসকৰ দলটোক ফোন যোগে পৰামৰ্শ আগবঢ়াইছিল লণ্ডনৰ এটি শিশু বিশেষজ্ঞৰ দলে। দুটিকৈ চিকিৎসক দলৰ অশেষ প্ৰচেষ্টাত সুস্থ হৈ উঠা শিশুটি ৬ ফেব্ৰুৱাৰীত চিকিৎসালয়ৰ পৰা ওভতে নিজ বাসগৃহলৈ।।

You might also like
Leave A Reply

Your email address will not be published.