নেচনেল ডেস্ক:
অলিম্পিয়ান মল্লযুঁজাৰু বজৰং পুনিয়া, সাক্ষী মালিক আৰু বিনেশ ফ’গাটৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ । ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেচনৰ মুৰব্বীৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ বাসগৃহত বৈঠকত বহিল অলিম্পিয়ান মল্লযুঁজাৰু কেইগৰাকী ।আলোচনাকালত মল্লযুঁজাৰু কেইগৰাকীয়ে গৃহমন্ত্ৰীৰ আগত নিজৰ ক্ষোভ ব্যক্ত কৰে । এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা হোৱা নাই যদিও বৈঠকত তেওঁলোকৰ সকলো কথা গুৰুত্ব সহকাৰে গৃহমন্ত্ৰীয়ে শুনিছিল বুলি মল্লযুঁজাৰুসকলৰ ঘনিষ্ঠ সূত্ৰই জনিবলৈ দিয়ে ৷
উল্লেখ্য যে, এপ্ৰিল মাহৰ পৰা দিল্লীৰ যন্তৰ মন্তৰত ডব্লিউ এফ আইৰ সভাপতি,সাংসদ ব্রিজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে একাধিক মল্লযুঁজাৰুক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে মল্লযুঁজাৰুসকলে । প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলক দিল্লী আৰক্ষীয়ে অপদস্থ কৰি আটক কৰাৰ লগতে প্ৰতিবাদস্থলীও ভাঙি লণ্ডভণ্ড কৰিছিল। ইফালে, মল্লযুঁজাৰুসকলে ক’ত পুনৰ প্ৰতিবাদ আৰম্ভ কৰিব সেই সন্দৰ্ভত অতি সোনকালে সিদ্ধান্ত ল’ব বুলিও সূত্ৰটোৱে সদৰি কৰিছে।।