মৰাণ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত উত্তাল প্ৰতিবাদ

মৰাণ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত উত্তাল প্ৰতিবাদ । স্মাৰ্ট মিটাৰৰ প্ৰত্যাহাৰৰ দাবীত কংগ্ৰেছ লগতে মৰাণ মহিলাৰ ক্ষোভ । মৰাণ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত উত্তাল প্ৰতিবাদ স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ দাবীত কংগ্ৰেছৰ লগতে মৰাণৰ মহিলাৰ ক্ষোভৰ অগনি । স্মাৰ্ট মিটাৰৰ অতিশয্যা লগতে অত্যাধিক বিদ্যুৎ মাচুলৰ যোগেদি ৰাইজক অবাধ লুণ্ঠন চলোৱা আৰু বিদ্যুত বিভাগৰ হঠকাৰি সিদ্ধান্তক বাতিলৰ দাবীত আজি কংগ্ৰেছে ৰাজ্যজুৰি প্ৰতিবাদ ৷ সমান্তৰালকৈ চৰাইদেউ জিলাৰ মাহমৰা ব্লক কংগ্ৰেছ কমিটীয়ে মৰাণ বিদ্যুৎ বিভাগৰ কাৰ্যালয় সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্থ কৰে । কংগ্ৰেছ কৰ্মীসকলে ৰাজ্যখনৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি কাৰ্যালয় সন্মুখৰ পৰিৱেশ উত্তাল কৰি তোলে । ইপিনে আজি একে সময়তে মৰাণৰ সমিপৰ পৰা অহা বিভিন্ন গাৱঁৰ মহিলাসকলে বিদ্যুতৰ পুৰ্বৰ মিটাৰ সংযোগ কৰি বৰ্তমানৰ স্মাৰ্ট আঁতৰোৱাৰ প্ৰৱল দাবী সাব্যস্থ কৰি মহিলাসকলে এক দাবী পত্ৰ বিদ্যুৎ বিভাগৰ মৰাণ উপ-সংমণ্ডল বিষয়াৰ হাতত প্ৰদান কৰে । লগতে অহা ৭ দিনৰ ভিতৰত দাবী পুৰণ নকৰিলে মহিলা সকলে বিদ্যুত বিভাগৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ স্মাৰক পত্ৰ যোগে অৱগত কৰি দিয়ে ।

You might also like
Leave A Reply

Your email address will not be published.