আজি ১৯ ছেপ্টেম্বৰ

১৩৫৬ ইংলেণ্ডৰ ৰজা তৃতীয় এডৱাৰ্ডৰ পুত্র ব্লেক পিন্সেছৰ ফ্ৰান্সৰ বিৰুদ্ধে জয়লাভ। ফ্ৰান্সৰ ৰজা দ্বিতীয় জন বন্দী।

১৫৮১ চতুর্থ শিখ গুৰু ৰামদাসৰ পৰলোকপ্ৰাপ্তি। সম্রাট আকবৰে দান দিয়া এক ভূমিখণ্ডত ১৫৭৭ চনত ৰামদাসে প্রসিদ্ধ অমৃতসৰ চহৰ তথা সৰোবৰ প্রতিষ্ঠা কৰিছিল।

১৭৮৩ ফ্ৰান্সৰ মণ্টগ’লফিৰ ভ্রাতৃত্বয়ে এটা কুকুৰা, এটা ভেড়া আৰু এটা হাঁহ বেলুনত ভৰাই উৰুৱায়। মাটিত বাস কৰা অধিবাসীৰ ভিতৰত এইকেইটাই আছিল প্রথম আকাশযাত্রী।

১৯৩৬ ভাৰতীয় ধ্রুপদী সংগীতৰ বিশিষ্ট শিল্পী বিষ্ণু নাৰায়ণ ভাটখাণ্ডেৰ মৃত্যু।

১৯৩৮ গোপীনাথ বৰদলৈ অসমৰ মুখ্য মন্ত্ৰী। (প্রথম অৱস্থাত অসমৰ মুখ্য মন্ত্ৰীগৰাকীক প্ৰধান মন্ত্ৰীহে বোলা হৈছিল।) ১৯৩৯ চনৰ ১৭ নৱেম্বৰলৈকে তেওঁ মুখ্য মন্ত্রী ৰূপে কাৰ্যনিৰ্বাহ কৰে।

১৯৬০ ভাৰত আৰু পাকিস্তানৰ মাজত সিন্ধু জল চুক্তি স্বাক্ষৰিত।

১৯৭৩ লালন প্রসাদ সিঙৰ অসমৰ ৰাজ্যপাল ৰূপে কাৰ্যভাৰ গ্ৰহণ। ১৯৮১ চনৰ ১০ আগষ্টলৈকে তেওঁ ৰাজ্যপাল ৰূপে কাৰ্যনিৰ্বাহ কৰে।

১৯৯১ সুদীর্ঘ ১৬ বছৰৰ অন্তত বাংলাদেশত ৰাষ্ট্ৰপতিপ্রধান চৰকাৰৰ অৱসান, গঠন হয় সংসদীয় চৰকাৰ। বেগম খালেদা জিয়াৰ নেতৃত্বত নতুন চৰকাৰ গঠন।

২০০০ ছিডনী অলিম্পিকত ভাৰতৰ কাৰ্ণম মালেশ্বৰীৰ ভাৰোত্তোলনত ব্ৰঞ্জৰ পদক অর্জন।

২০০৩ ৰায়বেৰেলী আদালতৰ দ্বাৰা বাবৰি মছজিদ ধ্বংসৰ অভিযোগত লালকৃষ্ণ আদৱানিক দোষমুক্ত ঘোষণা।

২০০৪ বড়ো ভাষাৰ প্ৰথমখন দৈনিক কাকত ‘স্বানচেয়াৰী বড়োলেণ্ড ইংগং’ প্রকাশ।

You might also like
Leave A Reply

Your email address will not be published.