নিউজ ডেস্কঃ গুৱাহাটীৰ পানী যোগান প্ৰকল্পৰ কাম ১৩ বছৰ আগতে সম্পূৰ্ণ হ’ল যদিও আজিও ৰাইজে লাভ নকৰিলে পানী। দক্ষিণ-পূৱ গুৱাহাটীৰ ৰাইজৰ বাবে গোপালনগৰত ১৩ বছৰ পূৰ্বে ১৭ মিলিয়ন লিটাৰ পানী ধৰি ৰাখিব পৰাকৈ নিৰ্মাণ কৰা হৈছিল ৰিজাৰ্ভাৰ। নিৰ্মাণৰ সময়ৰ পৰাই ৰাইজে স্বস্তিৰ নিশ্বাস এৰিছিল যে অন্ততঃ এতিয়াৰে পৰা তেওঁলোকে বিশুদ্ধ খোৱাপানী লাভ কৰিব। পিছে চাওঁতে চাওঁতে পানী যোগান আঁচনিৰ কাম সম্পূৰ্ণ হোৱাৰ ১৩ বছৰ হ’ল যদিও ১৩ ঘৰ পৰিয়ালেও এটুপি খোৱাপানী লাভ নকৰিলে এই পানী যোগান আঁচনি খনৰ পৰা।

নুনমাটিৰ গোপালনগৰত থকা এই পানী যোগান প্ৰকল্পৰ পৰা পানী লাভ নকৰাত এতিয়া ৰাইজে এতিয়া ৰাইজে প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে। জানিব পৰা মতে গোপালনগৰ কেন্দুগুৰি, নাৰেঙ্গী আৰু উত্তৰ জ্যোতিনগৰলৈ পানী যোগান ধৰাৰ বাবে তিনিটা ডাঙৰ ডাঙৰ ৰিজাৰ্ভাৰ নিৰ্মাণ কৰা হৈছিল। কিন্তু সেই ৰিজাৰ্ভাৰ কেইটা আজিলৈ কাৰ্যক্ষম নহ’ল। পানী যোগান আঁচনিৰ নামত কোটি কোটি টকা ব্যয় কৰাৰ পিছতো কিয় এই কাম সম্পূৰ্ণ হৈ নুঠিল তাকে লৈ ৰহস্যৰ সৃষ্টি হৈছে। তথ্য অনুসৰি ৩৩.৯১ কোটি টকা ব্যয় সাপেক্ষে প্ৰায় ৫ বিঘা মাটি সামৰি এই ৰিজাৰ্ভাৰ নিৰ্মাণ কৰা হৈছিল। ৰাজহুৱা ধন ব্যৱহাৰ কৰি ঠিকাদাৰে এইসমূহ নিৰ্মাণ কৰিলে যদিও এতিয়ালৈকে এটুপিও খোৱাপানী ৰাইজে লাভ নকৰাটো দুখৰ বিষয়ৰূপে পৰিগণিত হৈছে। ৰাজ্য চৰকাৰে এই বিষয়সমূহক গুৰুত্ব সহকাৰে লৈ ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাইজে হয়টো কাহানিও খোৱা পানী লাভ নকৰিব। ৰাজহুৱা ধনৰ ব্যয়ৰ প্ৰতিটো টকাৰ হিচাপ হোৱাটো নিশ্চয় সকলোৱে কামনা কৰে। গুৱাহাটীৰ দৰে ঠাইত যদি ঠিকাদাৰে কোটি কোটি টকা লুণ্ঠন কৰি সাৰি যাব পাৰে তেন্তে নিশ্চয়কৈ এয়া চিন্তনীয় বিষয়। প্ৰায় ৩৪ কোটি টকা কাৰ পকেটত সোমাল তথা কাৰ ভুলৰ বাবে দক্ষিণ-পূৱ গুৱাহাটীৰ ৰাইজে খোৱাপানী লাভ নকৰিলে তাৰ তদন্ত কৰিলে হয়টো বহুতো তথ্য পোহৰলৈ আহিব।