ASSAM | Reena Sonwal appointed as the first Assamese Director General of Doordarshan : দূৰদৰ্শনৰ প্ৰথম অসমীয়া সঞ্চালক প্ৰধান হিচাপে নিযুক্ত ৰীণা সোণোৱাল

দূৰদৰ্শনৰ প্ৰথম অসমীয়া সঞ্চালক প্ৰধান হিচাপে নিযুক্ত ৰীণা সোণোৱাল

নিউজ ডেক্স : অসমৰ বাবে এয়া এক গৌৰৱৰ বতৰা। জ্যেষ্ঠ ভাৰতীয় তথ্য সেৱা বিষয়া ৰীণা সোণোৱালক কেন্দ্ৰীয় চৰকাৰে দূৰদৰ্শনৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিছে। এই পদবীত অধিষ্ঠিত হোৱা প্ৰথম অসমীয়া হিচাপে ৰীণা সোণোৱালে এক নতুন ইতিহাস ৰচনা কৰিলে। ১৯৯৪ বৰ্ষৰ ভাৰতীয় তথ্য সেৱাৰ বিষয়া ৰীণা সোণোৱালে বৰ্তমান উচ্চ শিক্ষা মন্ত্ৰালয়ত যুটীয়া সচিব হিচাপে নিযুক্ত হৈ আছিল।

সেই কাৰ্যকাল সমাপ্ত কৰি মূল কেডাৰত উভতি অহাৰ পিছতে সোণোৱালক দূৰদৰ্শনৰ সঞ্চালক প্ৰধান হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব। তেওঁৰ এই পদোন্নতি বিভাগীয় পদোন্নতি সমিতিৰ পৰামৰ্শ আৰু ‘চিলেকচন গ্ৰেড’ত অন্তৰ্ভুক্তিৰ পাছত অনুমোদন লাভ কৰে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে জাৰি কৰা চৰকাৰী নিৰ্দেশনা অনুসৰি, ২০২৬ চনৰ ১ আগষ্ট বা তাৰ পিছত তেওঁ দায়িত্বভাৰ গ্ৰহণ কৰা দিনৰ পৰাই এই নিযুক্তি কাৰ্যকৰী হ’ব।

ASSAM | Reena Sonwal appointed as the first Assamese Director General of Doordarshan : দূৰদৰ্শনৰ প্ৰথম অসমীয়া সঞ্চালক প্ৰধান হিচাপে নিযুক্ত ৰীণা সোণোৱাল
দূৰদৰ্শন হৈছে দেশৰ সৰ্ববৃহৎ আৰু সৰ্বাধিক প্ৰভাৱশালী চৰকাৰী সম্প্ৰচাৰ সংস্থাসমূহৰ অন্যতম। এনে এক গুৰুত্বপূৰ্ণ সংস্থাৰ সৰ্বোচ্চ প্ৰশাসনিক পদত প্ৰথমবাৰৰ বাবে এগৰাকী অসমীয়াৰ নিযুক্তিয়ে ৰাজ্যবাসীৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে। দীৰ্ঘদিন ধৰি তথ্য আৰু সম্প্ৰচাৰ ক্ষেত্ৰত তেওঁ আগবঢ়োৱা নিষ্ঠা, দক্ষতা আৰু অভিজ্ঞতাৰ স্বীকৃতি হিচাপেই এই দায়িত্ব তেওঁলৈ অৰ্পণ কৰা হৈছে বুলি প্ৰশাসনিক মহলে মত প্ৰকাশ কৰিছে।

ৰীণা সোণোৱালৰ এই সাফল্য কেৱল তেওঁৰ ব্যক্তিগত কৃতিত্বেই নহয়, সমগ্ৰ অসমৰ বাবেও এক উল্লেখযোগ্য সাফল্য। বিশেষকৈ প্ৰশাসনিক সেৱাত আগবাঢ়িবলৈ ইচ্ছুক ৰাজ্যৰ যুৱ প্ৰজন্মৰ বাবে তেওঁৰ এই কৃতিত্ব এক অনুপ্ৰেৰণাৰ উৎস হিচাপে বিবেচিত হৈছে। অসমৰ বিভিন্ন মহলে তেওঁৰ এই ঐতিহাসিক নিযুক্তিক আদৰণি জনোৱাৰ লগতে নতুন দায়িত্ব সফলতাৰে পালন কৰাৰ বাবে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে।

You might also like
Leave A Reply

Your email address will not be published.