ASSAM | The 2027 Census self-counting process has started in Assam : অসমত আৰম্ভ হ’ল লোকপিয়ল ২০২৭ৰ স্ব-গণনা প্ৰক্ৰিয়া

অসমত আৰম্ভ হ'ল লোকপিয়ল ২০২৭ৰ স্ব-গণনা প্ৰক্ৰিয়া

গুৱাহাটী, ২ আগষ্টঃ  অসমত আজি পৰা জনগণনা ২০২৭ৰ অনলাইন স্ব-গণনা প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে। লোকপিয়লৰ এই প্ৰাৰম্ভিক প্ৰক্ৰিয়াৰ পিছতেই দেশৰ আন প্ৰান্তৰ লগতে অসমতো আৰম্ভ হ’ল লোকপিয় ২০২৭। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক এই কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি সঠিক তথ্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই আজি নিজে অনলাইনযোগে নিজৰ তথ্য পূৰণ কৰি সামাজিক মাধ্যমত কয়- ‘আজি অসমত লোকপিয়ল ২০২৭ৰ অনলাইন স্ব-গণনা আৰম্ভ হৈছে। ঘৰত বহিয়েই সকলোৱে নিজৰ তথ্য পূৰণ কৰিব পাৰিব। ময়ো মোৰ তথ্য পূৰণ কৰিলোঁ। সকলোকে অনুৰোধ জনাইছোঁ, সঠিক তথ্য দাখিল কৰি এই গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ অংশ হওক।”

ASSAM | The 2027 Census self-counting process has started in Assam : অসমত আৰম্ভ হ'ল লোকপিয়ল ২০২৭ৰ স্ব-গণনা প্ৰক্ৰিয়া
এটা ভিডিঅ’ বাৰ্তাৰ জৰিয়ত মুখ্যমন্ত্ৰীয়ে নাগৰিকসকলক দায়িত্বশীলভাৱে সঠিক তথ্য প্ৰদান কৰি এই ৰাষ্ট্ৰীয় কাৰ্যসূচীক সফল কৰাৰ আহ্বান জনায়। উল্লেখ্য যে, ১৬ আগষ্টলৈকে স্ব-গণনা সুবিধা উপলব্ধ থাকিব। নাগৰিকে se.census.gov.in প’ৰ্টেলত গৈ নিজৰ পৰিয়াল আৰু ব্যক্তিগত তথ্য অনলাইনযোগে দাখিল কৰিব পাৰিব।

 

ইয়াৰ পিছত ১৭ আগষ্টৰ পৰা ১৫ ছেপ্টেম্বৰলৈ গৃহ তালিকাভুক্তকৰণ আৰু গৃহ গণনাৰ কাম চলিব। অৱশ্যে বৰ্তমানে বৰ্তমানে ৰাজ্যৰ বান পৰিস্থিতিৰ বাবে শিৱসাগৰ আৰু চৰাইদেউ জিলাত লোকপিয়লৰ কাম সাময়িকভাৱে স্থগিত ৰখা হৈছে।

You might also like
Leave A Reply

Your email address will not be published.