Assam| Lovlina Borgohain: কমনৱেলথ গেমছত ৰূপৰ পদক জয় লাভলীনা বৰগোঁহাইৰ, গৌৰৱাম্বিত অসম

Lovlina Borgohain

গুৱাহাটীঃ অসম কন্যা তথা ভাৰতৰ তাৰকা বক্সাৰ লাভলীনা বৰগোঁহাইয়ে কমনৱেলথ গেমছত ৰূপৰ পদক জয় কৰি পুনৰবাৰ অসম আৰু দেশক গৌৰৱাম্বিত কৰিলে। বক্সিঙৰ ফাইনেলত শক্তিশালী প্ৰদৰ্শন আগবঢ়াই তেওঁ এই সাফল্য অৰ্জন কৰে। উল্লেখযোগ্য যে, কমনৱেলথ গেমছত এয়াই লাভলীনাৰ প্ৰথমটো পদক।

এই পদকসহ লাভলীনাৰ আন্তঃৰাষ্ট্ৰীয় পদকৰ সংখ্যা ৯টালৈ বৃদ্ধি পালে। তেওঁৰ এই কৃতিত্বত সমগ্ৰ অসম তথা দেশবাসী আজি গৌৰৱাম্বিত।

অৱশ্যে এইবাৰৰ প্ৰতিযোগিতাৰ সময়ছোৱাত লাভলীনাৰ মন সম্পূৰ্ণৰূপে খেলত নিবদ্ধ নাছিল। মাতৃভূমি অসমত সংঘটিত ভয়াৱহ বান পৰিস্থিতিয়ে তেওঁক গভীৰভাৱে ব্যথিত কৰি ৰাখিছিল। প্ৰতিযোগিতাৰ মাজতে এটা ভিডিঅ’ বাৰ্তাৰ জৰিয়তে তেওঁ প্ৰকাশ কৰিছিল যে, অসমৰ দুৰ্দশাৰ বাবে তেওঁৰ মন খেলত সম্পূৰ্ণকৈ কেন্দ্ৰীভূত কৰিব পৰা নাই।

তথাপিও মানসিক দৃঢ়তাৰে একেৰাহে উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়াই ফাইনেললৈ আগবাঢ়ে লাভলীনা আৰু দেশৰ বাবে ৰূপৰ পদক নিশ্চিত কৰে।

পদক লাভ কৰাৰ পিছতো তেওঁ অসমবাসীক স্মৰণ কৰে। লাভলীনাই নিজৰ এই ৰূপৰ পদক বানত প্ৰাণ হেৰুওৱা লোকসকলৰ স্মৃতিত উচৰ্গা কৰাৰ কথা ঘোষণা কৰে।

গ্লাছগোৰ পৰা ওভতি আহিয়েই হয়তো পোনে পোনে অসমত উপস্থিত হ’বহি লাভলীনা। কিয়নো সৰলমনা লাভলীনা ৰাজ্যৰ বানাক্ৰান্ত লোকৰ মাজত উপস্থিত হোৱাৰ বাবে উদগ্ৰীৱ হৈ আছে।

You might also like
Leave A Reply

Your email address will not be published.