গুৱাহাটী: ৰাজ্যত বান পৰিস্থিতি বহু পৰিমাণে স্বাভাৱিক হোৱাৰ পাছত বান সাহায্যৰ নামত একাংশই জধে-মধে ধন সংগ্ৰহ কৰাক লৈ কঠোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। দোকান-পোহাৰ বা সাধাৰণ নাগৰিকৰ পৰা বলপূৰ্বকভাৱে বান সাহায্য সংগ্ৰহ নকৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়াৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।
সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত মুখ্যমন্ত্ৰীয়ে কয় যে বানপানীৰ নামত সাহায্য সংগ্ৰহৰ প্ৰয়োজন নাই। বহুতে বাকচ, টিন বা কিউআৰ স্কেনাৰ লৈ ৰাস্তাই ঘাটে আৰু দোকানে-পোহাৰে ধন সংগ্ৰহ কৰা কাৰ্যত খৰ্গহস্ত হৈ পৰে মুখ্যমন্ত্ৰী। বেলেগৰ পৰা ধন সংগ্ৰহ কৰি বান সাহায্য দিয়াটোক প্ৰকৃততে বান সাহায্য বুলি নোৱাৰি বুলি উল্লেখ কৰি কয় যে যিয়ে নিজৰ টকাৰে সহায় কৰিব বিচাৰে তেওঁলোক সদায় আদৰণীয়।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই অৱশ্যে উল্লেখ কৰে যে বানৰ প্ৰথম সাত দিনৰ পৰিস্থিতি বেলেগ আছিল। সেই সময়ত চৰকাৰ সকলো ঠাইত তাৎক্ষণিকভাৱে উপস্থিত হ’ব পৰা নাছিল। কিন্তু এতিয়া পৰিস্থিতি চৰকাৰৰ নিয়ন্ত্ৰণত আহিছে আৰু চৰকাৰ প্ৰতিটো বানাক্ৰান্ত অঞ্চললৈ গৈ সাহায্য আগবঢ়াব পাৰিছে। লগতে ক্ষয়-ক্ষতিৰ চূড়ান্ত মূল্যায়ন সম্পন্ন কৰি ক্ষতিপূৰণ প্ৰদানৰ প্ৰক্ৰিয়াও আৰম্ভ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।
মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কয়, “দহজন লগ হৈ দোকানে-দোকানে ধন সংগ্ৰহ কৰাৰ কোনো অৰ্থ নাই। এনে কাৰ্যই অসমৰ ভাবমূৰ্তি ক্ষুণ্ণ কৰে।” তেওঁ লগতে সতৰ্ক কৰি দিয়ে যে, কোনো ক্ষেত্ৰতে বলপূৰ্বকভাৱে বান সাহায্য সংগ্ৰহ কৰিবলৈ দিয়া নহ’ব আৰু এনে অভিযোগ পালে আৰক্ষীয়ে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব।
