দুটাকৈ ভয়ংকৰ ভূমিকম্পই কঁপালে নেপাল!

দুটাকৈ ভয়ংকৰ ভূমিকম্পই কঁপালে নেপাল। বৃহস্পতিবাৰে পুৱা নেপালত সংঘটিত হয় ৪.১ আৰু ৪.৯ প্ৰাবল্যৰ দুটা ভূমিকম্প। খৱৰটো সদৰি কৰে ৰাষ্ট্ৰীয় ভূকম্পন কেন্দ্ৰই । নেপালৰ কাস্কি জিলা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত পুৱা প্ৰায় ৩:৫৬ বজাত ৪.৯ প্ৰাবল্যৰ প্ৰথমটো ভূমিকম্প সংঘটিত হৈছিল। ভূমিকম্পটোৰ কেন্দ্ৰস্থল কাস্কি জিলাৰ মাচাপুৰছাৰে গ্ৰাম্য পৌৰসভা-৭ৰ ধাম্পুছত । ভূমিকম্পৰ শ্বকৱেভ বাগলুং, পাৰবাট, মিয়াগদি আৰু তানাহুন জিলাতো অনুভৱ কৰা হৈছিল। আনহাতে ৭:২২ বজাত পুনৰ সংঘটিত হয় দ্বিতীয়টো ভূমিকম্প। ৰিখটাৰ স্কেল ৪.১ প্ৰাৱল্যত সংঘটিত হোৱা এই ভূমিকম্পটোৰ কেন্দ্ৰস্থল গোৰ্খা জিলাৰ থুমি। এই পৰ্যন্ত ক্ষতি বা হতাহতৰ কোনো খবৰ পোৱা হোৱা নাই।

You might also like
Leave A Reply

Your email address will not be published.