আজি বিশ্ব প্ৰতিবন্ধী দিৱস।
১৮৫৭ চনৰ এই দিনটোতেই সাহিত্যিক-নাট্যকাৰ যোছেফ থিঅ’ডৰ কনৰাডৰ জন্ম হৈছিল।
১৮৮২ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰসিদ্ধ চিত্ৰশিল্পী নন্দলাল বসুৰ জন্ম হৈছিল।
১৮৮৪ চনৰ এই দিনটোতেই স্বাধীন ভাৰতৰ প্ৰথম গৰাকী ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদৰ জন্ম হৈছিল।
১৮৮৮ চনৰ আজিৰ দিনটোতেই বিশ্ব বিখ্যাত চছমা আৰু বিভিন্ন প্ৰকাৰৰ লেন্স নিৰ্মাতা তথা জাৰ্মান শিল্পপতি কাৰ্ল পাইছৰ মৃত্যু হৈছিল।
১৮৮৯ চনৰ আজিৰ দিনটোতেই বিপ্লৱী,স্বাধীনতা সংগ্ৰামী ক্ষুদিৰাম বসুৰ জন্ম হৈছিল।
১৯৭১ চনৰ আজিৰ দিনটোতেই ভাৰত-পাকিস্তানৰ যুদ্ধ আৰম্ভ। ১৬ ডিচেম্বৰত পাকিস্তান সেনাৰ আত্মসমৰ্পণ। এই যুদ্ধৰ আৰম্ভণিতে বাংলাদেশে এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰ ৰূপে স্বীকৃতি লাভ কৰে।
ভাৰত-পাকিস্তান যুদ্ধৰ পৰিপ্ৰেক্ষিতত ভাৰতত জৰুৰী অৱস্থা ঘোষণা।
১৯৭৫ চনৰ এই দিনটোতেই লাওছ গণতান্ত্ৰিক ৰাষ্ট্ৰত পৰিনত হৈছিল।
১৯৮৯ চনৰ এই দিনটোতেই প্ৰসিদ্ধ হকী খেলুৱৈ ধ্যান চান্দৰ মৃত্যু হৈছিল।
১৯৮২ চনৰ এই দিনটোতেই জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক বিষ্ণু দে’ৰ মৃত্যু হৈছিল।
১৯৮৪ চনৰ এই দিনটোতেই মধ্যপ্ৰদেশৰ ভূপালত কীটনাশক প্ৰস্তুতকাৰক কোম্পানী এটাৰ বিষাক্ত গেছ নিৰ্গত হৈ দহ হেজাৰৰো অধিক লোকৰ মৃত্যু হৈছিল।
১৯৯০ চনৰ এই দিনটোতেই সংযুক্ত জাৰ্মানীৰ প্ৰথম নিৰ্বাচনত হেলমুট কোল প্ৰধানমন্ত্ৰী(চেন্সেলৰ) ৰূপে নিৰ্বাচিত হৈছিল।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ৩ ডিচেম্বৰ
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Next Post
You might also like