বিহাৰত জঘণ্য ধৰ্ষণ কাণ্ড!

বানকাত ধৰ্ষণৰ বলি এগৰাকী ২ বছৰীয়া কণ্যা শিশু !

নেচনেল ডেস্ক:     বিহাৰৰ বানকা অঞ্চলত সংঘটিত হৈছে এক জঘন্য ঘটনা। বানকাত ধৰ্ষণৰ বলি এগৰাকী ২ বছৰীয়া কণ্যা শিশু। শিশুটিৰ দেউতাকৰ ভাষ্য অনুসৰি দেওবাৰে নিশাৰ ভাগত শিশুটিৰ ঘৰৰ সন্মুখেৰে পাৰ হৈ যোৱা বিয়াৰ বেণ্ডপাৰ্টিৰ শোভাযাত্ৰাৰ শব্দ শুনি ঘৰৰ পৰা ওলায় যোৱাৰ পাছৰে পৰা নিৰুদ্দেশ হৈ পৰে ২ বছৰীয়া কণমানীটি। নিৰুদ্দিষ্ট শিশুটিক পৰিয়ালৰ লোকে বিছাৰি ফুৰাৰ সময়তে প্ৰায় আধা ঘণ্টাৰ অন্তত গাঁওখনৰে প্ৰদীপ যাদৱ নামৰ এজন যুৱকে শিশুটিক ঘৰৰ ওচৰত পেলাই থৈ সেই ঠাইৰ পৰা পলায়ন কৰে। তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ কৰা শিশুটিক পৰিয়ালৰ লোকে ততাতৈয়াকৈ ৰাজোন আৰক্ষী চকীলৈ লৈ যায়। পৰৱৰ্তী সময়ত আৰক্ষীৰ সহযোগত শিশুটিক স্বাস্থ্য পৰীক্ষাৰ বাবে জৱাহৰলাল নেহৰু মেডিকেল কলেজ হস্পিতালত ভৰ্তী কৰোৱা হয়।

শিশুটিৰ পিতৃয়ে উল্লেখ কৰা অনুসৰি ধৰ্ষণ কান্ধত অভিযুক্ত ৪০ বছৰীয়া প্ৰদীপ যাদৱ পেছাগতভাৱে এজন গাড়ী চালক। বানকা SDPO বিপিন বিহাৰীয়ে জানিবলৈ দিয়া অনুসৰি অভিযুক্ত প্ৰদীপ যাদৱক গ্ৰেপ্তাৰ কৰি ঘটনা সংক্ৰান্তত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
উল্লেখযোগ্য যে বিহাৰৰ বানকাত বিগত বৰ্ষতো সংঘটিত হৈছিল অনুৰূপ ঘটনা। ২০২২ চনৰ হোলীৰ দিনটোত সেই অঞ্চলৰে চন্দন নামৰ ঠাইত ধৰ্ষণৰ বলি হৈছিল এটি ৭ বছৰীয়া কণ্যা শিশু।।

You might also like
Leave A Reply

Your email address will not be published.