আজি ২৮ ফেব্ৰুৱাৰী

▶️আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস।
▶️১৯০১ চনৰ আজিৰ দিনটোতেই দুবাৰকৈ নোবেল জয়ী বিজ্ঞানী লিনাছ পাউলিঙৰ জন্ম হৈছিল। তেওঁ ১৯৫৪ আৰু ১৯৬২ চনত ক্ৰমে ৰসায়ন বিজ্ঞান আৰু শান্তিৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯২৮ চনৰ এই দিনটোতেই বিজ্ঞানী চন্দ্ৰশেখৰ ভেংকটৰমণৰ প্ৰসিদ্ধ ‘ৰমণ পৰিঘটনা’ৰ আৱিস্কাৰ।
▶️১৯৩৬ চনৰ আজিৰ দিনটোতেই জৱাহৰলাল নেহৰুৰ পত্নী কমলা নেহৰুৰ মৃত্যু হৈছিল।
▶️১৯৬৩ চনৰ আজিৰ দিনটোতেই স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদৰ মৃত্যু হৈছিল। ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা ১৯৬২ চনৰ ১৩ মে’ পৰ্যন্ত তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।
▶️১৯৯৪ চনৰ আজিৰ দিনটোতেই কপিলদেৱৰ দ্বাৰা ৰিচাৰ্ড হেডলীৰ ৪৩১ টা টেষ্ট উইকেটৰ বিশ্ব ৰেকৰ্ড ভংগ।আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা কপিলদেৱৰ অৱসৰ ঘোষণা।
▶️২০০৫ চনৰ এই দিনটোতেই ৭৭ সংখ্যক অস্কাৰ বঁটা ঘোষণা।’মিলিয়ন ডলাৰ বেবী’লৈ চাৰিটা অস্কাৰ।
▶️২০০৫ চনৰ আজিৰ দিনটোতেই শণিৰ তিনিটা নতুন উপগ্ৰহ আৱিস্কাৰ।।

You might also like
Leave A Reply

Your email address will not be published.