শতক সম্পূৰ্ণ প্রধানমন্ত্রীৰ ‘মন কী বাত’ৰ!

নেচনেল ডেস্ক:

জি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জনপ্ৰিয় অনুষ্ঠান ‘মন কী বাত’ৰ ১০০টা খণ্ড সম্পূৰ্ণ হ’ল। দিনৰ ১১ বজাৰ পৰা সম্প্ৰচাৰিত শততম খণ্ডটো ১০০ কোটি জনতাই উপভোগ কৰিলে। অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল প্ৰমুখ্যে ৰাজ্যিক বিজেপিৰ নেতৃত্বই বুথে বুথে অংশগ্ৰহণ কৰিলে এই অনুষ্ঠানত। জানিব পৰা মতে, ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ল ‘মন কী বাত’ৰ আজিৰ অনুষ্ঠান। লণ্ডনত ভাৰতীয় উচ্চ আয়োগে আজি পুৱা ৬:৩০ বজাত এক বিশেষ স্ক্ৰীণিং অনুষ্ঠিত কৰিছিল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ ৩ অক্টোবৰত পোনপ্ৰথমবাৰৰ বাবে ‘মন কি বাত’ৰ জৰিয়তে দেশবাসীক সম্বোধন কৰিছিল। উল্লেখ্য যে আজিৰ ‘মন কি বাত’ অনুষ্ঠান ২২ টা ভাৰতীয় ভাষা আৰু ২৯ টা উপভাষাত সম্প্ৰচাৰিত হয়। ইয়াৰ উপৰিও ফৰাচী, চীনা, বাৰ্মিজ আদি ১১টা বিদেশী ভাষাতো প্ৰচাৰিত হয়। অনুষ্ঠানটো অল ইণ্ডিয়া ৰেডিঅ’ৰ ৫০০ তকৈও অধিক ষ্টেচনৰ পৰা সম্প্ৰচাৰ কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.