মৰাণ স্বায়ত্ব পৰিষদৰ সমষ্টিৰ সীমা নিৰ্ধাৰণ

ব্যুৰ’ ৰিপ’ৰ্ট:  মৰাণ স্বায়ত্ব শাসিত পৰিষদৰ পৰিষদীয় সমষ্টি নিৰ্ধাৰণ সন্দৰ্ভত কোনো ওজৰ-আপত্তি থাকিলে অহা ২৭ আগষ্টৰ ভিতৰত তিনিচুকীয়া জিলা আয়ুক্তৰ কাৰ্যালয়ত দাখিল কৰিব পাৰিব বুলি এক জাননী প্ৰকাশ কৰিছিল । শুক্ৰবাৰে সন্ধিয়া তিনিচুকীয়া জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত জিলা আয়ুক্ত স্বপ্নীল পালে এই কথা প্ৰকাশ কৰে । যোৱা ১৬ আগষ্টত ইয়াৰ খচৰা প্ৰকাশ কৰা হৈছিল আৰু এই সম্পৰ্কত ইতিমধ্যে বহুতো দল-সংগঠন তথা ব্যক্তি বিশেষে দাবী আৰু আপত্তি দাখিলো কৰিছে । এই সন্দৰ্ভত জিলাখনৰ বিভিন্ন ঠাইত ৰাজহুৱা শুনানীও অনুষ্ঠিত হৈ আছে বুলি জিলা আয়ুক্ত গৰাকীয়ে সদৰি কৰিছে । তেওঁ কয় যে, মৰাণ স্বায়ত্ব শাসিত পৰিষদ আইন ২০২০ অনুসৰি ২০১১ চনৰ লোকগণনা আৰু ৰাজহ চক্ৰ বিষয়াৰ প্ৰতিবেদনৰ ভিত্তিত ৫০% ত কৈ অধিক মৰাণ বসতি প্ৰধান হিচাপে পৰিচিত ১৬৬ খন গাঁওৰ দ্বাৰা সমষ্টিৰ সীমাৰ খচৰা প্ৰস্তুত কৰা হৈছে । আইন অনুসৰি ৰাজহ গাঁৱৰ ভিত্তিত নহয়, পিয়ল গাওঁ ভিত্তিক হে সমষ্টি নিৰ্ধাৰণৰ খচৰা প্ৰস্তুত কৰা হৈছে । আয়ুক্ত গৰাকীয়ে জানিবলৈ দিয়া মতে, ইতিমধ্যে খচৰা সন্দৰ্ভত জিলা প্ৰশাসনে ৰাজহুৱা শুনানি আৰম্ভ কৰিছে । অহা ২৭ আগষ্টৰ ভিতৰত পৰিষদীয় সমষ্টিৰ খচৰা সন্দৰ্ভত ওজৰ-আপত্তি লিখিত ৰূপত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ ১৭ নম্বৰ কোঠাত অতিৰিক্ত জিলা আয়ুক্ত তথা এই বিষয়ৰ নডেল বিষয়া চিন্ময় পাঠকৰ ওচৰত দাখিল কৰিব পাৰিব বুলি তেওঁ উল্লেখ কৰে।

ইফালে, আজি ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ৰাজহুৱা শুনানিৰ দিন ধাৰ্য কৰা হৈছিল । কিন্তু, আজি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত তেনে কোনো ধৰণৰ ব্যৱস্থা নথকাৰ পৰিলক্ষিত কৰা বুলি অভিযোগ উত্থাপিত হৈছে । মৰাণ স্বায়ত্ব পৰিষদৰ সমষ্টিৰ সীমা নিৰ্ধাৰণত মৰাণ জনগোষ্ঠীৰ ৫০ শতাংশতকৈ কম জনসংখ্যা থকা বহু গাওঁ অন্তভূৰ্ক্ত হোৱা বুলি বিভিন্ন দল-সংগঠনে আপত্তি কৰিছিল । আনকি, মৰাণ জনগোষ্ঠীৰ লোকসকল একেবাৰে নগন্য থকা বিভিন্ন চাহ বাগিচা তথা গাঁও সমূহো এই খচৰাত অন্তৰ্ভুক্ত হোৱা বিষয়টোত উদ্দিগ্ন হৈ পৰিছে উক্ত অঞ্চলত বসবাস কৰা অনান্য জাতি-জনগোষ্ঠীৰ লোকসকল । আজি অগনণ লোক শুনানিৰ বাবে ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈছিল ।

কিন্তু, কোনো বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা নকৰাত ক্ষোভিত হৈ পৰে বিভিন্ন দল-সংগঠনৰ লগতে গাওঁ তথা চাহ বাগিচা অঞ্চলৰ পৰা অহা লোক সকল । অন্যহাতে, অসমৰ আদিম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ লোকসকলে মৰাণ স্বায়ত্ব শাসিত পৰিষদ লাভ কৰাত অন্য কোনো জাতি-জনগোষ্ঠীৰ আপত্তি নাই বুলিও দল-সংগঠন সমূহে উল্লেখ কৰে।

You might also like
Leave A Reply

Your email address will not be published.