মন কৰিলেই চন

কথাৰে নহয় কামেৰে বুজাই দিছে এগৰাকী কৰ্মদ্যোমী মহিলাই

ঘৰতে সৰিয়হৰ তেল প্ৰস্তুত কৰি স্বাৱলম্বী এগৰাকী মহিলা ।

 

 

মন কৰিলেই চন । কথাৰে নহয় কামেৰে বুজাই দিছে এগৰাকী কৰ্মদ্যোমী মহিলাই । ঘৰতে সৰিয়হৰ তেল প্ৰস্তুত কৰি স্বাৱলম্বী হৈছে এগৰাকী মহিলা । কামৰ কোনো সৰু ,বৰ নাথাকে । যি সময়ত সকলোৱে এটি চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাইছে, তেনে সময়ে ঘৰতে সৰিয়হৰ তেল প্ৰস্তুত কৰি স্বাৱলম্বী এগৰাকী মহিলা। চাবুৱাৰ জেৰাই গাঁৱৰ সংগীতা বৰুৱাই ঘৰতে সৰিয়হৰ তেল প্ৰস্তুত কৰিয়েই উপাৰ্জনৰ পথ মুকলি কৰি লৈছে । চৰকাৰী চাকৰিৰ পিছত নদৌৰি কম খৰচতে নিজৰ জীৱিকাৰ পথ মুকলাইছে লগতে কেইবাজনকো কৰ্ম সংস্থাপন দিবলৈ সক্ষম হৈছে । কঠোৰ পৰিশ্ৰমী ,কৰ্মোদ্যমী মহিলা সংগীতা বৰুৱাই এই কৰ্মৰ জৰিয়তে সফল হোৱাই নহয় বহু নিবনুৱা যুৱক যুৱতীৰ বাবে হৈ পৰিছে এগৰাকী আদৰ্শবান মহিলা। 

You might also like
Leave A Reply

Your email address will not be published.