ASSAM | The death toll from the floods has risen to 100, with five Still missing : বানত মৃতকৰ সংখ্যা ১০০ লৈ বৃদ্ধি, সন্ধানহীন ৫ জন

বানত মৃতকৰ সংখ্যা ১০০ লৈ বৃদ্ধি, সন্ধানহীন ৫ জন

গুৱাহাটীঃ ৰাজ্যত অব্যাহত আছে বানৰ বিভীষিকা। বৰ্তমানেও ৰাজ্যৰ ২৫ খন জিলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ পানীত বুৰ গৈ আছে। জিলাকেইখনৰ বিভিন্ন প্ৰান্তত বানৰ তাণ্ডৱ অব্যাহত থকাৰ ফলত জনজীৱন বিপৰ্যস্ত হৈ পৰিছে। বৰ্তমানলৈ ৰাজ্যৰ ৮৭ টা ৰাজহ চক্ৰৰ ২,৬৩১ খন গাঁও বৰ্তমানেও বানৰ পানীৰ তলত আছে। বানৰ ফলত এতিয়ালৈকে মৃতকৰ সংখ্যা ১০০ গৰাকীলৈ বৃদ্ধি পাইছে। ইয়াৰ মাজতে নতুনকৈ ৫ জন লোক সন্ধানহীন হৈ থকাৰ তথ্য পোহৰলৈ অহাত মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

বানৰ প্ৰবল সোঁতত ৰাজ্যত ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে বাসগৃহ। এতিয়ালৈকে ৪,৪৮৯ টা বাসগৃহ সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ বিপৰীতে ১৪,৮৬৮ টা বাসগৃহ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে। বানত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহক ৰাজ্য চৰকাৰে উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰা উচিত বুলি দাবী উঠিছে। ইতিমধ্যে ক্ষয়-ক্ষতিৰ প্ৰকৃত পৰিমাণ নিৰূপণৰ বাবে জৰীপৰ কাম আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে। বানৰ ভয়ংকৰ ৰূপত ৰাজ্যজুৰি এতিয়ালৈকে প্ৰায় ১২ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে। ঘৰ-বাৰী, কৃষিভূমি আৰু অন্যান্য সম্পত্তিৰ ব্যাপক ক্ষতিৰ ফলত বহু পৰিয়ালৰ জীৱন-জীৱিকা অনিশ্চিত হৈ পৰিছে।

ASSAM | The death toll from the floods has risen to 100, with five Still missing : বানত মৃতকৰ সংখ্যা ১০০ লৈ বৃদ্ধি, সন্ধানহীন ৫ জন
ইফালে, বানত গৃহহীন হোৱা লোকসকলক আশ্ৰয় প্ৰদানৰ বাবে ৰাজ্যজুৰি ২৫২ টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। বৰ্তমান এই আশ্ৰয় শিবিৰসমূহত প্ৰায় ৭৯ হাজাৰ লোকে আশ্ৰয় গ্ৰহণ কৰিছে। বানাক্ৰান্ত লোকসকলৰ মাজত খাদ্য, পানী আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণৰ ব্যৱস্থা অব্যাহত আছে। ৰাজ্যজুৰি ২,০৫০ টা সাহায্য কেন্দ্ৰৰ জৰিয়তে বানাক্ৰান্ত লোকসকলৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰি থকা হৈছে।

 

বান পৰিস্থিতি স্বাভাৱিক হ’বলৈ এতিয়াও সময় লাগিব পাৰে। বিশেষকৈ সন্ধানহীন লোকসকলৰ সন্ধান, ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক ক্ষতিপূৰণ আৰু বানৰ পাছত পুনৰ সংস্থাপনৰ কাম এতিয়া চৰকাৰৰ বাবে অন্যতম বৃহৎ প্ৰত্যাহ্বান হৈ পৰিছে।

You might also like
Leave A Reply

Your email address will not be published.