গুৱাহাটী: ঝাৰখণ্ড লোকসেৱা আয়োগ (JPSC)ৰ প্ৰাক্তন অধ্যক্ষ এল খিয়াংটেক সোমবাৰে গ্ৰেপ্তাৰ কৰে ঝাৰখণ্ড CID-এ। JPSCৰ নিযুক্তি পৰীক্ষাত সংঘটিত অনিয়মৰ বিৰুদ্ধ শিক্ষাৰ্থী সমাজে ব্যাপক প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে তদন্তৰ অংশ হিচাপে এই গ্ৰেপ্তাৰ কৰা হৈছে।
ৰাজ্যখনৰ প্ৰাক্তন মুখ্য সচিব খিয়াংটেকক অৱসৰৰ পিছত যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহত JPSCৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিল। কিন্তু ২২ জুলাইত তেওঁ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰে।
নিযুক্তি পৰীক্ষাত অনিয়মৰ অভিযোগক লৈ ৰাজ্যখনত চাকৰি প্ৰত্যাশীসকলৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে CID-এ খিয়াংটেকক সোধা-পোছা কৰিছিল। ২৮ জুলাইৰ পৰা তেওঁক চাৰিবাৰকৈ জেৰা কৰা হৈছিল। ইয়াৰ পিছতে সোমবাৰে তেওঁক গ্ৰেপ্তাৰ কৰা হয়।
খিয়াংটেকৰ গ্ৰেপ্তাৰৰ এদিন পূৰ্বে JPSCৰ তিনিওজন সদস্যই পদত্যাগ কৰিছিল। ইয়াৰ উপৰি, প্ৰাক্তন অধ্যক্ষগৰাকীয়ে পদত্যাগ কৰাৰ পিছদিনাই CID-এ তেওঁৰ চৰকাৰী বাসগৃহকে ধৰি কেইবাটাও স্থানত তালাচী চলাইছিল।
CIDৰ এই গোচৰত খিয়াংটেককে ধৰি গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা ২০জনলৈ বৃদ্ধি পাইছে।
JPSCৰ নিযুক্তি পৰীক্ষাত অনিয়মৰ অভিযোগক কেন্দ্ৰ কৰি ৰাজ্যখনত চাকৰি প্ৰত্যাশীসকলৰ মাজত ক্ষোভ বৃদ্ধি পাইছে। তদন্ত আগবঢ়াৰ লগে লগে এই গোচৰত আৰু কি তথ্য পোহৰলৈ আহে, সেয়া এতিয়া লক্ষণীয় হৈ পৰিছে।
ইফালে আজি প্ৰতিবাদী শিক্ষাৰ্থীসকলে ঝাৰখণ্ড বিধানসভাৰ দিশে প্ৰতিবাদী মিছিল উলিয়াই। এই প্ৰতিবাদৰ সময়ত আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত হতাহতি হয় আৰু আৰক্ষীয়ে লাঠীচালনা কৰাৰ লগতে কন্দুৱা গেছ নিক্ষেপ কৰে। এনে পৰিপেক্ষিতত প্ৰতিবাদ অধিক তীব্ৰতৰ হয়। শিক্ষাৰ্থীৰ প্ৰতিবাদত সেও মানি ঝাৰখণ্ড চৰকাৰে লোকসেৱা আয়োগৰ পৰীক্ষাৰ অনিয়মৰ লগত জড়িত ইজনৰ পিছত সিজনক গ্ৰেপ্তাৰ কৰিছে যদিও চৰকাৰে নিজৰ দোষ স্বীকাৰ কৰা নাই।