আজি ২৫ মে’

আর্জেন্টিনাৰ ৰাষ্ট্ৰীয় দিৱস।

জর্ডানৰ স্বাধীনতা দিৱস।

➡️১০৮৫ ইটালীত পোপ সপ্তম গ্ৰেগৰীৰ মৃত্যু।

➡️১৬১১ শ্বেৰ আফগানৰ বিধৱা মেহৰুন্নিছাৰ সৈতে মোগল সম্রাট জাহাংগীৰৰ বিবাহ। বিয়াৰ পিছত মেহৰুন্নিছাই ‘নুৰজাহান’ (অর্থঃ পৃথিৱীৰ জেউতি) নাম গ্রহণ কৰে।

➡️১৮৯৯ বিদ্রোহী বাংলা কবি নজৰুল ইছলামৰ জন্ম।

➡️১৯০৬ প্রখ্যাত ভাস্কৰ তথা চিত্রশিল্পী ৰামকিংকৰ বেজৰ জন্ম।

➡️১৯২৪ বিশিষ্ট শিক্ষাবিদ ছাৰ আশুতোষ মুখোপাধ্যায়ৰ পাটনাত মৃত্যু।

➡️১৯৮৯ ৰাছিয়াৰ প্ৰথম প্ৰশাসনিক ক্ষমতাসম্পন্ন ৰাষ্ট্ৰপতিৰূপে মিখাইল গর্বাছেভ নির্বাচিত।

➡️১৯৯১ উৰিয়া সাহিত্যৰ খ্যাতনামা লেখক কালিন্দীচৰণ পাণিগ্ৰাহীৰ ৯০ বছৰ বয়সত মৃত্যু। ৰাজনীতিবিদ নন্দিনী সৎপতি তেওঁৰে কন্যা।

➡️২০০১ গুজৰাট চৰকাৰৰ চৰ্দাৰ সৰোবৰ বান্ধ নিৰ্মাণৰ কাম আৰম্ভ।

➡️মার্কিন পৰ্বতাৰোহী এৰিক ৱাহ’হেনমায়াৰ আৰু শ্বেৰমান বুলৰ (৬৪) যথাক্রমে প্রথম অন্ধ আৰু আটাইতকৈ বয়স্ক মানুহ হিচাপে এভাৰেষ্টত আৰোহণ।

➡️২০০৪ প্রলয়ংকৰী বানত ডোমিনিকান গণৰাজ্য আৰু হাইটিত প্রায় ১,০০০ লোকৰ মৃত্যু।

➡️চি পি আই (এম)ৰ পলিটব্যুৰোৰ দ্বাৰা সোমনাথ চেটার্জী চতুর্দশ লোকসভাৰ অধ্যক্ষ ৰূপে সৰ্বসম্মতিক্রমে মনোনীত। ২০০৫ এন ডি এফ বিৰে কেন্দ্ৰীয় চৰকাৰৰ যুদ্ধবিৰতি চুক্তি স্বাক্ষৰিত।

You might also like
Leave A Reply

Your email address will not be published.