দেশত তাপমাত্ৰাৰ ভয়াৱহ ৰূপ

গ্ৰীষ্মপ্ৰবাহৰ কৱলত দেশৰ বহু অঞ্চল

দেশত তাপমাত্ৰাৰ ভয়াৱহ ৰূপ

এইবাৰ আগতীয়াকৈ আহিল গ্ৰীষ্মপ্ৰবাহ । প্ৰচণ্ড গৰমে দেশৰ বহু অঞ্চলৰ জনজীৱন বিষময় কৰি তুলিছে ।

উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, ৰাজস্থান, চণ্ডীগড়, পঞ্জাৱ, হাৰিয়ানা আনকি দিল্লীতো ভয়ানক হৈ উঠিছে জীৱন-যাত্ৰা । বহু ঠাইত ৪৫-৪৬ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত বৃদ্ধি পাইছে তাপমাত্ৰা । সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই । ঘোষণা কৰা হৈছে ৰে’ড এলাৰ্ট ।

ৰাজস্থানত গ্ৰীষ্ম প্ৰবাহৰ ফলতে মাতৃ-পুত্ৰৰ মৃত্যু ঘটাৰ ঘটনাও ঘটিছে । বহু ঠাইত হিটষ্ট্ৰোকত আক্ৰান্ত হৈছে বহুজন ।

বতৰ বিজ্ঞান বিভাগে আজিৰ দিনটোত গৰমৰ প্ৰকোপ বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰে । আজিয়েই দেশত ৬ষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ । উত্তৰ প্ৰদেশ, দিল্লী, হাৰিয়ানা আদিত ভোটদানত প্ৰভাৱ পৰা বুলি প্ৰকাশ কৰে এক অসমৰ্থিত সূত্ৰই ।

গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন অঞ্চলতো গৰমে ভয়াৱহ ৰূপ লৈছে । কোনো কোনো ঠাইত ৩৯ ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাইছে পাৰাস্তম্ভ । গৰমৰ প্ৰকোপত বিপৰ্যস্ত হৈ পৰিছে স্বাভাৱিক জীৱন-যাত্ৰা ।

You might also like
Leave A Reply

Your email address will not be published.