➡️১৫৬৬ চনত ফৰাচী চিকিৎসক তথা প্রসিদ্ধ জ্যোতির্বিদ নস্ট্রাডামাছৰ মৃত্যু।
➡️১৭৫৭ চনত মহম্মদ বেগৰচুৰীকাঘাতত বংগৰ নবাব ছিৰাজোদ্দৌল্লাৰ মৃত্যু।
➡️১৭৭৮ চনত দার্শনিক, শিক্ষাবিদ, সাহিত্যিক ৰুছোৰ (সম্পূর্ণ নাম জীন জেকুইছ ৰুছো) ফ্রান্সত মৃত্যু।
➡️১৮৪৩ চনত হোমিঅ’পেথী চিকিৎসা পদ্ধতিৰ আবিষ্কাৰক ছেমুৱেল হেনিমেনৰ মৃত্যু।
➡️১৮৭৭ চনত জার্মান কবি, ঔপন্যাসিক হেৰমান হেছৰ জন্ম। ভাৰতীয় দৰ্শন আৰু চীনা সভ্যতাৰ দ্বাৰা বিশেষভাবে প্রভাবিত হেছে গৌতম বুদ্ধৰ জীৱন-কাহিনীৰ আধাৰত ‘সিদ্ধার্থ’ নামৰ এখন উপন্যাস ৰচনা কৰে আৰু উপন্যাসখনে প্রভৃত জনপ্রিয়তা অর্জন কৰে। মূলতঃ ‘সিদ্ধার্থ’ৰ বাবেই হেছে লাভ কৰে ১৯৪৬ চনৰ সাহিত্যৰ নোবেল বঁটা।
➡️১৯০৪ চনত ৰুছ নাট্যকাৰ আৰু চুটিগল্প লেখক আণ্টন চেখভৰ মৃত্যু।
➡️১৯৬১ চনত মার্কিন গল্পকাৰ, ঔপন্যাসিক আর্নেস্ট হেমিংবেৰ আত্মহত্যা।
➡️১৯৭২ চনত পাকিস্তান আৰু ভাৰতৰ মাজত ঐতিহাসিক ছিমলা চুক্তি স্বাক্ষৰিত।
➡️১৯৮৩ চনত সম্পূর্ণ দেশীয় প্রযুক্তিৰে নিৰ্মিত ভাৰতৰ পাৰমাণৱিক শক্তি প্রকল্পৰ প্ৰথমটো গোট চেন্নাইৰ ওচৰৰ কালপাক্কমত প্রতিষ্ঠা।
➡️১৯৯৯ চনত প্রসিদ্ধ উপন্যাস ‘দা মেৰিঅ’ৰ লেখক পুজৰ ৭৮ বছৰ বয়সত মৃত্যু।
➡️২০০২ চনত অসম বিধানসভাৰ প্রাক্তন অধ্যক্ষ জীৱকান্ত গগৈৰ মৃত্যু।