মেৰাপানী সীমান্তৰত অসমৰ দুই কিশোৰক নগাৰ অত্যাচাৰ
গোলাঘাট জিলাৰ অসম নাগালেণ্ড মেৰাপানী সীমান্তৰৰ চন্দনপুৰ গাৱঁৰ দুই কিশোৰক নগাই চুৰি কৰাৰ অভিযোগত ঘৰৰ পৰা উঠাই নি নিৰ্মম অত্যাচাৰ চলোৱা ঘটনাই সীমান্তৰ্ৱতী অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। তথ্য মতে নাগালেণ্ডৰ চিফিয়ান বস্তিৰ সমিপৰে ইয়াংচ বস্তিৰ এটা নগা লোকৰ দলে ৰবৰ চুৰি কৰা অভিযোগত দুই কিশোৰক ঘৰৰ পৰা ধৰি নি হাত ভৰি বান্ধি প্ৰহাৰ কৰাৰ লগতে চোৰাট পাট, বান্দৰ কেকোঁৰা , আমলৰি পৰুৱা আদিৰে ওৰে নিশা অত্যাচাৰ চলাই নগাই পুৱা কিশোৰ দুজনক মুকলি কৰি দিয়ে। দুয়ো কিশোৰক নগাই কৰা অত্যাচাৰৰ প্ৰতিবাদত ভূক্তভোগী পৰিয়ালে মেৰাপানী থানাত এজাহাৰ দাখিল কৰিছে ।