আজি ১২ ডিচেম্বৰ

১৮২১ প্ৰখ্যাত ফৰাচী ঔপন্যাসিক আৰু দাৰ্শনিক গুস্তাভ ফ্লোবেয়াৰৰ জন্ম। ‘মাদাম বভাৰ’ তেওঁৰ প্ৰসিদ্ধ উপন্যাস।
১৮৮২ প্ৰসিদ্ধ বাংলা উপন্যাস ‘আনন্দ মঠ’ প্ৰকাশ। প্ৰণেতাঃ বংকিম চন্দ্ৰ চট্টোপাধ্যায়।
১৮৮৯ ইংৰাজ কবি ৰবাৰ্ট ব্ৰাউনিঙৰ মৃ্ত্যু।
১৯০৫ ইংৰাজী ভাষাত লিখা ভাৰতীয় ঔপন্যাসিক আৰু কলা-সমালোচক মুলকৰাজ আনন্দৰ জন্ম। ‘কুলি’, ‘আনটাচ্চেবল’ আদি তেওঁৰ কালজয়ী উপন্যাস।
১৯০৭ ‘পাপৰিৰ কবি’ গণেশ চন্দ্ৰ গগৈৰ জন্ম।
১৯১১ দিল্লীৰ ঐতিহাসিক ‘দিল্লী দৰবাৰ’ত পঞ্চম জৰ্জক ভাৰতৰ সম্ৰাট ৰূপে ঘোষণা। ইয়াতে সম্ৰাট পঞ্চম জৰ্জৰ কলকাতাৰ পৰা দিল্লীলৈ ভাৰতৰ ৰাজধানী স্থানান্তৰৰ ঘোষণা।
১৯৭৯ অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন। ১৯৮০ চনৰ ৬ ডিচেম্বৰলৈকে ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন বলৱৎ হৈ থাকে।
১৯৮০ অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আনোৱাৰা টাইমুৰৰ মন্ত্ৰীসভা গঠন। ১৯৮১ চনৰ ৩০ জুনলৈকে তেওঁ মুখ্যমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰে।
১৯৮৭ হাজোত প্ৰথম লোক আদালত মুকলি।
১৯৯১ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কে এন সিঙৰ অৱসৰ গ্ৰহণ। এই বছৰৰে ২৫ নৱেম্বৰত কাৰ্যভাৰ গ্ৰহণ কৰা সিঙে মাত্ৰ ১৮ দিন কাৰ্যনিৰ্বাহ কৰে। উচ্চতম ন্যায়ালয়ৰ ইতিহাসত ইয়েই সংক্ষিপ্ততম কাৰ্যকাল।
১৯৮১ ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ জন্ম। ২০০৭ চনৰ টুৱেন্টী ২০ ক্ৰিকেটত ছটা বলত ছটা ছয় মাৰি অভিলেখ। ২০০০ চনৰ পৰা এদিনীয়া আৰু ২০০৩ চনৰ ভাৰতীয় ষ্টেট দলৰ সদস্য।

You might also like
Leave A Reply

Your email address will not be published.