ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা গুলীচালনাৰ অভিযোগত নিষিদ্ধ CPI(মাওবাদী) দলৰ তিনিজনকৈ নক্সালবাদী নিহত হয়।
আৰক্ষী বিষয়া এজনে জনোৱা মতে, আন্তঃৰাজ্যিক সীমান্তৰ পূজাৰী কাংকেৰ বনাঞ্চলত তেলেংগানাৰ অভিজাত নক্সাল বিৰোধী বাহিনী গ্ৰেহাউণ্ডৰ এটা দলে অভিযান চলাবলৈ ওলাই যোৱাৰ সময়তে এই এনকাউণ্টাৰ সংঘটিত হয়। তিনিজনকৈ নক্সালবাদী নিহত হোৱাৰ লগতে সেই স্থানৰ পৰা অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰা হয়।গ্ৰেহাউণ্ডছ আৰক্ষীয়ে উদ্ধাৰ কৰে এটা AK47,এটা LMG আৰু এটা 12 BORE বন্দুক।
আৰক্ষী সূত্ৰই জনোৱা মতে,মৃত সন্তোষ ওৰফে সাগৰৰ এজন ডিভিচিএমৰ কমাণ্ডাৰ আছিল,আৰু তেওঁৰ ঘৰ জয়শংকৰ ভূপালপল্লী জিলাৰ অংকুষাপুৰ গাঁৱত।চলিত সপ্তাহৰ আৰম্ভণিতে ছত্তীশগড়ৰ বিজাপুৰ জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত তিনিগৰাকী মহিলাকে ধৰি কমেও ১৩জন নক্সালবাদী নিহত হৈছিল।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা গুলীচালনাৰ অভিযোগত নিহত ৩ নক্সালবাদী
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
You might also like