পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিলে কাজিৰঙাই!

কাজিৰঙাই পুনৰ গঢ়িলে অভিলেখ

পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিলে কাজিৰঙাই!

কাজিৰঙাই পুনৰ গঢ়িলে অভিলেখ । পর্যটন বর্ষ আৰম্ভ হোৱাৰ লগে লগে কাজিৰঙাত বাঢ়িছে পর্যটকৰ ভিৰ।ঋতু পৰিবৰ্তনৰ লগে লগে কাজিৰঙাইও লৈছে দৃষ্টিনন্দন ৰূপ। প্রকৃতিৰ মাজত বন্যপ্রাণীৰ বিচৰণে দৃষ্টি কাঢ়িছে পর্যটকৰ। কেতিয়াবা যদি গঁড়ে পথ ভেটি ধৰিছে আন কেতিয়াবা হাতীৰ জাকৰ মুক্ত বিচৰণৰ সুন্দৰ দৃশ্যই আপ্লুত কৰিছে দেশী বিদেশী পৰ্যটকক।
বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা অনন্য জৈৱ- বৈচিত্ৰ দৰ্শনৰ বাবে চলিত পৰ্যটন বৰ্ষত কাজিৰঙালৈ অহা পৰ্যটকৰ সংখ্যা পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে। বিগত বৰ্ষৰ তুলনাত কাজিৰঙাই ৪৮ লাখ টকাৰো অধিক ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্যে যে ২০২৩-২৪ পৰ্যটন বৰ্ষত কাজিৰঙালৈ অহা মুঠ পৰ্যটকৰ সংখ্যা ৩,২৭,৪৯৩ গৰাকী বুলি তথ্য প্ৰকাশ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকৰ কাৰ্যালয়ে। ইয়াৰে মুঠ ৩,১৩,৫৭৪গৰাকী দেশীয় পৰ্যটক আৰু ১৩,৯১৯গৰাকী বিদেশী পৰ্যটক ৷ পৰ্যটকৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলে লাভ কৰে মুঠ ৮,৮১,৮৪,১৬১ টকাৰ পৰিমাণৰ ৰাজহ।

উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তিনিটা বন সংমণ্ডলৰ ভিতৰত পূব অসম বন্যপ্ৰাণী সংমণ্ডলয়ে মুঠ ৩২,০৯৬১ গৰাকী পৰ্যটকৰ পৰা আৰু ৮,৫৯,৪৮,৩৫১ টকাৰ ৰাজহ, নগাঁও বন সংমণ্ডলে ৩,৪৮৪ গৰাকী পৰ্যটকৰ পৰা ৬২,৪০০ টকাৰ ৰাজহ আৰু বিশ্বনাথ বন সংমণ্ডলে ৩,০৪৮ গৰাকী পৰ্যটকৰ পৰা ১৬,১১,৮১০ টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ বিগত ২০২২ – ২৩ বিত্তীয় বৰ্ষত কাজিৰঙাই দেশী বিদেশী মুঠ ৩,১৪,৭৯৬গৰাকী পৰ্যটকৰ পৰা মুঠ ৮,৩৩,৮৫,৪৮৩ টকাৰ ৰাজহ লাভ কৰিছিল ৷যাৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰ তুলনাত ২০২৩-২৪ পৰ্যটন বৰ্ষত ১২,৬৯৭জন দেশী বিদেশী পৰ্যটক বৃদ্ধি পোৱাৰ উপৰিও কাজিৰঙাই পূৰ্বতকৈ ৪৭,৯৮,৬৭৮ টকাৰ অধিক ৰাজহ লাভ কৰিবলৈ সক্ষম হয়৷

কাজিৰঙাত পৰ্যটকৰ সংখ্যা বৃদ্ধি হোৱাত স্বাভাৱিকতে এতিয়া আনন্দিত হৈ পৰিছে পৰ্যটন উদ্যোগটোৰ লগত জড়িত লোকসকল।

You might also like
Leave A Reply

Your email address will not be published.