বিশিষ্ট গল্পকাৰ,ভূতত্ববিদ প্ৰণৱজ্যোতি ডেকাৰ দেহাৱসান

সমীয়া সাহিত্য জগতত গভীৰ শূন্যতাৰ সৃষ্টি কৰি পৰলোকপ্ৰাপ্তি ঘটে বিশিষ্ট সাহিত্যিক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰণৱজ্যোতি ডেকা । ডেকাৰ মৃত্যুৰ বাতৰি সদৰী হোৱাৰ লগে লগে অসমৰ সাহিত্য জগতত শোকৰ ছাঁ পৰে। ‘প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প’ৰ বাবে ২০২৩ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল প্ৰণৱজ্যোতি ডেকাই ।

শাৰীৰিক অসুস্থতাৰ বাবে ডেকাক গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত প্ৰথমে ভৰ্ত্তি কৰা হয় যদিও পাছত GMCHলৈ স্থানান্তৰ কৰা হয় । GMCHত চিকিৎসাধীন অৱস্থাতে ডেকাৰ দেহাৱসান ঘটে । প্ৰথমগৰাকী অসমীয়া বিচাৰক হলিৰাম ডেকাৰ পুত্ৰ প্ৰণৱজ্যোতি ডেকাৰ জন্ম হৈছিল ১৯৩৯ চনৰ ২১ জুলাইত কলকাতাত । ১৯৬৬ চনত ভূ-তত্ব বিভাগৰ অধ্যাপক হিচাপে তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত যোগদান কৰে ।

প্ৰণৱজ্যোতি ডেকাৰ ‘সেয়েহে কৈলাশনাথ’,’একুৰি বছৰৰ গল্প’,’এজাক এলেহুৱা কাউৰীৰ সাধু’,’বিহুৱতী চৰাই আৰু অন্যান্য গল্প’,’প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প’ আদি উল্লেখযোগ্য গ্ৰন্থ । ডেকাৰ বহুচৰ্চিত আত্মজীৱনী খনৰ নাম হৈছে’সোণৰ চামুচ মুখত লৈ’। এই আত্মজীৱনীখন বিশিষ্ট গল্পকাৰগৰাকীৰ অকপট আৰু স্পষ্টবাদী আত্মকথা বুলি ৰাজ্যৰ বৌদ্ধিক সমাজত ইতিপূৰ্বে চৰ্চা হৈছিল ।

You might also like
Leave A Reply

Your email address will not be published.