পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি!

স্বামীয়ে তিনি টুকুৰা কৰিলে পত্নীক

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক ভয়ংকৰ হত্যাকাণ্ড। স্বামীৰ হাতত প্ৰাণ গ’ল এগৰাকী মহিলাৰ। পৰকীয়া প্ৰেমৰ বাবেই পত্নীক চোকা অস্ত্ৰৰে হত্যা কৰি মৃতদেহৰ তিনি টুকুৰা কৰে হত্যাকাৰী লক্ষণ বিশ্বাসে।

গুৱাহাটীৰ জ্যোতিকুছিৰ ঢপলীয়াত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো । আৰক্ষী সূত্ৰৰ মতে, লক্ষণ বিশ্বাস নামৰ লোকজনে চোকা অস্ত্ৰৰে প্ৰহাৰ কৰি হত্যা কৰে পত্নীক। দীৰ্ঘদিন ধৰি এজন যুৱকৰ সৈতে পত্নীয়ে অবৈধ সম্পৰ্ক ৰখাৰ বিষয়ে অৱগত হৈছিল স্বামী। লক্ষণ বিশ্বাসে কয় যে- বাৰম্বাৰ বুজাবলৈ চেষ্টা কৰাৰ পাছতো পত্নীয়ে মানি লোৱা নাছিল।অৱশেষত হত্যাকাৰী লক্ষণ বিশ্বাসে চোকা অস্ত্ৰৰে পত্নীক হত্যা কৰি মৃতদেহটো তিনি টুকুৰা কৰে। ইতিমধ্যে ফটাশিল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী স্বামীক।

You might also like
Leave A Reply

Your email address will not be published.