আজি ১০ জানুৱাৰী

🔹আজি বিশ্ব হাস্য দিৱস।
🔹১৬১৬ ব্ৰিটিছ ৰাষ্ট্ৰদূত ছাৰ টমাছ ৰো আজমীৰত জাহাংগীৰৰ দৰবাৰত উপস্থিত। দ্বিপাক্ষিক সম্পৰ্ক স্থাপনৰ উদ্দেশ্যে ৰো ভাৰতলৈ আহিছিল।
🔹১৬৯৩ কলকাতা চহৰৰ প্ৰতিষ্ঠাপক জোব চাৰ্নকৰ মৃত্যু।
🔹১৮১৮ ৰামপুৰাত ব্ৰিটিছ আৰু মাৰাঠাৰ তৃতীয় তথা শেষ যুদ্ধ। এই যুদ্ধৰ পাছত মাৰাঠা সেনাই ছত্ৰভংগ দিয়ে।
🔹১৮৪০ বিশ্বৰ প্ৰথমটো ডাকটিকট ‘পেনী ব্লেক’ৰ প্ৰৱৰ্তন, ব্ৰিটেইনত। এই বছৰৰে ৬ মে’ৰ পৰা ডাকটিকটৰ ৰাজহুৱা ব্য়ৱহাৰ আৰম্ভ হয়।
🔹১৮৬২ ৰিভলভাৰৰ আৱিস্কাৰক ছেমুৱেল কোল্টৰ মৃত্যু।
🔹১৮৯৬ অসমত প্ৰবল ভূমিকম্প; বৰাক নদীৰ দুয়োপাৰ ১৫ ফুট পৰ্যন্ত গভীৰ পানীত বুৰ যায়।
🔹১৯২০ জেনেভাত জাতিসংঘৰ প্ৰথমখন বৈঠক অনুষ্ঠিত।
🔹১৯৬৩ ভাৰতত স্বৰ্ণ নিয়ন্ত্ৰণ ব্যৱস্থা প্ৰৱৰ্তন।
🔹১৯৬৬ তাছখণ্ড চুক্তি স্বাক্ষৰিত।
🔹২০০৩ প্ৰসিদ্ধ চিত্ৰশিল্পী ভৱেশ চন্দ্ৰ সান্যালৰ মৃত্যু।
🔹২০০৫ পি এল অ’ৰ কাৰ্যকৰী সভাপতি মেহমুদ আব্বাছ য়াছাৰে আৰাফটৰ উত্তৰসুৰি ৰূপে নিৰ্বাচিত।
🔹অসমত দ্ৰুতবেগী ভল্ভো বাছসেৱা আৰম্ভ।
🔹মৃনাল সেনলৈ দাদা চাহেব ফাল্কে বঁটা ঘোষণা।

You might also like
Leave A Reply

Your email address will not be published.