আজি ১২ জানুৱাৰী

➡️আজি বিবেকানন্দ জয়ন্তী।
এই দিনটো ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয়।
➡️১৭২৯ চনৰ ১২ জানুৱাৰী তাৰিখে বিশিষ্ট ব্ৰিটিছ ৰাজনীতিবিদ এডমাণ্ড বাৰ্কৰ জন্ম হৈছিল।
➡️১৮৩৪ চনৰ আজিৰ দিনটোতে গুণাভিৰাম বৰুৱাৰ জন্ম হৈছিল।
➡️১৮৬৩ চনৰ এই দিনটোতে স্বামী বিবেকানন্দৰ জন্ম হৈছিল।
➡️১৯৩০ চনৰ ১২ জানুৱাৰী তাৰিখে ছোভিয়েট ৰাছিয়াৰ ছুজিম ছোভিয়েটৰ প্ৰথম অধিৱেশন আৰম্ভ হৈছিল।
➡️১৯৭২ চনৰ আজিৰ দিনটোতে শ্বেখ মুজিবুৰ ৰহমান বাংলাদেশৰ প্ৰথম প্ৰধান মন্ত্ৰী হৈছিল। ১৯৭৫ চনলৈকে তেওঁ এই পদবীত কাৰ্যনিৰ্বাহ কৰে।
➡️১৯৭৬ চনৰ ১২ জানুৱাৰী তাৰিখে বিশ্ব সাহিত্যৰ ৰহস্য কাহিনীৰ ‘মুকুটবিহীন সম্ৰাজ্ঞী’ ৰূপে অভিহিত আগাথা ক্ৰিষ্টিৰ মৃত্যু হৈছিল।
➡️২০০২ চনৰ এই দিনটোতে পাকিস্তানত সন্ত্ৰাসবাদী সংগঠন জইজ-ই-মহম্মদ আৰু লস্কৰ-ই-তৈবাক নিষিদ্ধ ঘোষণা কৰা হৈছিল।
➡️২০০৫ চনৰ আজিৰ দিনটোতে বলীউডৰ অভিনেতা অমৰীশ পুৰীৰ মৃত্যু হৈছিল।
➡️২০০৬ চনৰ ১২ জানুৱাৰী তাৰিখে ছৌদি আৰবৰ মীনাত পদপিষ্ট হৈ ৩৪৫ জন হজযাত্ৰী নিহত হৈছিল আৰু এহাজাৰৰো অধিক আহত হৈছিলে।।

You might also like
Leave A Reply

Your email address will not be published.