উৰুকাৰ নিশা শিথিল হ’ব SOP

ভোগালীৰ SOPক লৈ চৰকাৰৰ শিথিলতা।উৰুকাৰ নিশা হ্ৰাস কৰিলে সান্ধ্য আইনৰ সময়।নিশা ১০ বজাৰ পৰিৱৰ্তে ১১ বজালৈ বৃদ্ধি সান্ধ্য আইনৰ সময়। কেৱল উৰুকাৰ দিনা প্ৰযোজ্য হ’ব লগা শিথিলতা অনুযায়ী নিশা ১১ বজাত ভোজভাত সামৰি ঘৰ সোমাব লাগিব জনতা।পিছদিনা পুৱা পুৰ্বনিৰ্ধাৰিত ৬ বজাৰ সলনি ৪ বজাৰ পৰা জলাব পাৰিব মেজি।উৰুকাৰ নিশা ১১ বজাৰ পৰা পুৱা ৪ বজালৈ সান্ধ্য আইনৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উৰুকাৰ পিছৰ পৰা অব্যাহত থাকিব পূৰ্ব ঘোষিত SOPৰ কঠোৰতা।ক্ৰমবৰ্ধিত ক’ভিড পৰিস্থিতিত কোনো কাৰণতেই SOPৰ ক্ষেত্ৰত আপোচ নকৰাৰ সকিয়নী মুখ্যমন্ত্ৰীৰ। SOPৰ বিৰোধীতা কৰা সকলক অসম বিদ্বেষী আখ্যা।।

You might also like
Leave A Reply

Your email address will not be published.