ঐশ্বৰ্যলৈ ই ডিৰ চমন!

পানামা পেপাৰ লিক গোছৰ সংক্ৰান্তত সোধা-পোছাৰ বাবে ঐশ্বৰ্য ৰায় বচ্চনক এনফ’ৰৰ্ছমেণ্ট ডিৰেক্ট’ৰেটৰ চমন। জানিব পৰা মতে, ঐশ্বৰ্য ৰায় বচ্চনক ফেমা (FEMA) গোচৰৰ অধিনত পানামা পেপাৰ লিক গোচৰ সম্পৰ্কে সোধা-পোছাৰ বাবে এনফ’ৰৰ্ছমেণ্ট ডিৰেক্ট’ৰেটে (ইডি) মাতি পঠিয়াইছে। বলিউডৰ মোহময়ী অভিনেত্ৰী গৰাকীক সোমবাৰে এনফ’ৰৰ্ছমেণ্ট ডিৰেক্ট’ৰেটে (ইডি) দিল্লী কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে । তেওঁৰ মুম্বাইৰ বাসগৃহ ‘প্ৰতীক্ষা’লৈ প্ৰেৰণ কৰা হৈছিল চমন।অভিনেত্ৰী গৰাকীক ১৫ দিনৰ ভিতৰত সঁহাৰি দিবলৈ কোৱা হৈছিল।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ইডিয়ে প্ৰাক্তন “মিছ ৱ’ৰ্ল্ড” ঐশ্বৰ্য ৰায় বচ্চনক ৯ নৱেম্বৰ, ২০২১ তাৰিখে ফেমাৰ ৩৭নং ধাৰাৰ অধীনত মাতি পঠিয়াইছিল।।

You might also like
Leave A Reply

Your email address will not be published.