গুজৰাটৰ বদোদৰাত শোকাৱহ ঘটনা

নাও বাগৰি নিহত হয় ৯ টি কৈ শিশুসহ দুজন শিক্ষক

নেচনেল ডেস্ক:

গুজৰাটৰ বদোদৰাত শোকাৱহ ঘটনা। বৃহস্পতিবাৰে গুজৰাটৰ বদোদৰাৰ হাৰাণী হ্ৰদত এখন নাও বাগৰি নিহত হয় ৯ টি কৈ শিশুসহ দুজন শিক্ষক। খবৰ মতে, ঘটনাটো সংঘটিত হোৱাৰ সময়ত নাওখনত ২৩ টি শিশুৰ লগতে চাৰিজন শিক্ষক আছিল। ঘটনাস্থলীত অভিযান চলাই উদ্ধাৰকাৰী দলে হ্ৰদৰ পৰা পাঁচটি কৈ শিশুক উদ্ধাৰ কৰে। ইফালে ঘটনা সন্দৰ্ভত গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে গভীৰ শোক প্ৰকাশ কৰে।

বদোদৰাৰ হাৰাণী বিলত নাওখন বাগৰি পৰাত শিশুৰ পানীত উটি যোৱাৰ ঘটনা অত্যন্ত হৃদয়বিদাৰক। প্ৰাণ হেৰুওৱা নিৰীহ শিশুসকলৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা জনাইছো। এই দুখৰ ঘণ্টাত তেখেতৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। দয়ালু ভগৱানে তেওঁলোকক এই দুখ সহ্য কৰিবলৈ শক্তি দিয়ক

You might also like
Leave A Reply

Your email address will not be published.