আজি ১৮ জানুৱাৰী

⏩১৬৭৮ ইংৰাজী সাহিত্যিক জন বানিয়নৰ প্ৰসিদ্ধ গ্ৰন্থ ‘দি পিলগ্ৰিমছ প্ৰগ্ৰেছ’ৰ প্ৰথম খণ্ড প্ৰকাশ। ইয়াৰ অসমীয়া অনুবাদ ‘যাত্ৰিকৰ যাত্ৰা’ ১৮৫১ চনত ‘অৰুনোদই’ত ছোৱা ছোৱাকৈ প্ৰকাশ হয়।
⏩১৯২১ মহাত্মা গান্ধীৰ প্ৰথম অসম আগমন।
⏩১৯৩৬ ভাৰতজাত ইংৰাজ সাহিত্য়িক ৰুডয়াৰ্ড কিপলিঙৰ মৃত্যু। ‘দা জাংগল বুক’ তেওঁৰ জনপ্ৰিয় আৰু প্ৰখ্য়াত গ্ৰন্থ। ১৯০৭ চনত তেওঁ লাভ কৰিছিল সাহিত্যৰ নোবেল বঁটা।
⏩১৯৪০ সাহিত্যিক,বুৰঞ্জীবিদ কনকলাল বৰুৱাৰ মৃত্যু।
⏩১৯৪৭ ভাৰতৰ প্ৰসিদ্ধ কন্ঠশিল্পী কুন্দনলাল ছাইগলৰ মৃত্যু।
⏩১৯৫৮ গুৱাহাটীত জাতীয় কংগ্ৰেছৰ ৬৩তম অধিৱেশন।
⏩১৯৯৮ এম এম পাঞ্চিচি ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য় ন্যায়াধীশ। ১৯৯৮ চনৰ ৯ অক্টোবৰলৈকে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰে।
⏩১৯৯৯ সমগ্ৰ ৰাজ্যতে মাতৃভাষা মাধ্যমৰ প্ৰথমিক আৰু নিম্ন বুনিয়াদী বিদ্যালয়ৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত ইংৰাজী বিষয়ৰ পাঠদান আৰম্ভ।
⏩২০০৩ মহাৰাষ্ট্ৰৰ নতুন মুখ্য় মন্ত্ৰী ৰূপে সুশীল কুমাৰ সিন্ধেৰ শপত গ্ৰহণ।
⏩২০০৫ এল টি টি ইৰ মুৰব্বী প্ৰভাকৰণৰ মৃত্যুৰ বাতৰি অস্বীকাৰ।

You might also like
Leave A Reply

Your email address will not be published.