গুৱাহাটীৰ ISBTত পুনৰ ড্ৰাগছ উদ্ধাৰ

মহানগৰী আৰক্ষীৰ বৃহৎ সফলতা। গুৱাহাটীৰ আন্তঃৰাজ্যিক বাছ টাৰ্মিনাছ (আইএছবিটি)ত আৰক্ষীয়ে চলোৱা এক অভিযানত বিপুল পৰিমাণৰ নিচাজাতীয় টেবলেটসহ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত খৱৰ মতে, গড়চুক আৰক্ষীয়ে মঙল বাৰে নিশা মানকাচৰ অভিমুখী এখন যাত্ৰীবাহী চুপাৰ বাছত তালাচী চলাওঁতেই লোকজনৰ পৰা নিচাজাতীয় টেবলেট সমুহ উদ্ধাৰ হয়। ধৃত সৰবৰাহকাৰীটোক মনচুৰ আলী বুলি চিনাক্ত কৰা হৈছে।আৰক্ষীয়ে ধৃত মনচুৰ আলীৰ পৰা ৭,২০০ টা নিচাযুক্ত চাম্পএফএক্স+ টেবলেট উদ্ধাৰ কৰিছে।

You might also like
Leave A Reply

Your email address will not be published.