জম্মু-কাশ্মীৰত আটক ৩ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী!

জম্মু কাশ্মীৰ সুৰক্ষা বাহিনীৰ বৃহৎ সফলতা

নেচেনেল ডেস্ক :

ম্মু কাশ্মীৰ সুৰক্ষা বাহিনীৰ বৃহৎ সফলতা। ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ এক যুটীয়া অভিযানত পুঞ্চ চেক্টৰৰ নিয়ন্ত্ৰণ ৰেখাৰ পৰা আটক কৰে তিনিটাকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীক । তথ্য মতে, ভাৰতত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰি থকাৰ সময়তে পুঞ্চ ছেক্টৰত ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে আটক কৰে তিনিটা সন্ত্ৰাসবাদীক। নিয়ন্ত্ৰণ ৰেখাৰ কাষেৰে পাৰ হোৱাৰ চেষ্টা কৰাৰ সময়তে সন্ত্ৰাসবাদীকেইটাক লক্ষ্য কৰি গুলীচালনা কৰে ভাৰতীয় সেনাই। আনহাতে গুলীচালনাত আহত হয় ভাৰতীয় সেনাৰ এজন সৈনিক । আঘাতপ্ৰাপ্ত সেনা জোৱানজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ধৃত সন্ত্ৰাসবাদীকেইটাৰ পৰা জব্দ কৰে এটা AK-47, দুটা পিষ্টল, ছয়টা গ্ৰেনেড, আইইডি আৰু ২০ পেকেট হেৰ’ইন ।

You might also like
Leave A Reply

Your email address will not be published.