বাংলাদেশত ভয়ংকৰ ফেৰী দুৰ্ঘটনা

শুকুৰবাৰে বাংলাদেশত সংঘটিত হৈছে এক ভয়ংকৰ ফেৰী দুৰ্ঘটনা। ৰাজধানী ঢাকাৰ দক্ষিণে ২৫০ কিলোমিটাৰ দূৰত্বত থকা ঝাকাকাথিৰ ওচৰত ৰাতিপুৱা সংঘটিত হয় এই শোকাৱহ ঘটনাটো । দক্ষিণ বাংলাদেশত এখন যাত্ৰী কঢ়িয়াই নিয়া ফেৰীত জুই লগাত মৃত্যু হয় কমেও ৩২ জন লোকৰ। তিনিমহলীয়া ‘অভিযান ১০’ নামৰ দূৰ্ভগীয়া ফেৰীখনত নদীৰ মাজভাগত জুই লগাত সংঘটিত হয় এই দুৰ্ঘটনা। যাত্ৰীসকলৰ বেছিভাগেই জুইৰ ফলত আৰু কেইজনমান নদীত জঁপিয়াই পৰি মৃত্যুবৰণ কৰা বুলি জানিবলৈ দিছে স্থানীয় আৰক্ষী প্ৰধান মইনুল ইছলামে।।

You might also like
Leave A Reply

Your email address will not be published.