আজি শিল্পী দিৱস।
আজিৰ দিনটোতেই ১৭০৬ চনত মাৰ্কিন ৰাজনীতিবিদ, বিজ্ঞানী বেঞ্জামিন ফ্ৰেংকলিনৰ জন্ম।
আজিৰ দিনটোতেই ইংৰাজ অভিযাত্ৰী জেমছ কুকৰ এণ্টাৰ্কটিকা তথা দক্ষিণ মেৰু আৱিষ্কাৰৰ অভিযান। কুমেৰু অতিক্ৰম কৰা তেৱেঁই প্ৰথম অভিযাত্ৰী।
১৯৪২ চনত মুষ্টিযোদ্ধা মহম্মদ আলীৰ জন্ম।
১৯৫১চনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দেহাৱসান।
১৯৬১ চনত কংগোৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী পেট্ৰিছ লুমুম্বাৰ মৃত্যু।
১৯৬৮ চনত গুৱাহাটীত অসমৰ প্ৰথমটো চলচিত্ৰ ষ্টুডিঅ’ জ্যোতি চিত্ৰবন মুকলি।
১৯৯১ চনত ইৰাকৰ বিৰুদ্ধে আমেৰিকাৰ যুদ্ধ ঘোষণা।
১৯৯৯ চনত গুৱাহাটীত জ্যোতি চিত্ৰবন ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ উদ্বোধন।
১৯৮৯ চনত কৰ্নেল জে কে বাজাজৰ দক্ষিণ মেৰু বিন্দুত পদাৰ্পন। দক্ষিণ মেৰুত পদাৰ্পন কৰা তেৱেঁই প্ৰথমগৰাকী ভাৰতীয়।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ১৭ জানুৱাৰী
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Next Post
You might also like