➡️আজি টিউনিছিয়াৰ ৰাষ্ট্ৰীয় দিৱস।
➡️১৩৫১ চনৰ আজিৰ দিনটোতে মহম্মদ বিন টোগলকৰ মৃত্যু। মহম্মদ বিন টোগলকৰ ভতিজাক ফিৰোজ টোগলক শ্বাহৰ দিল্লীৰ সিংহাসনত আৰোহণ। তেৱেঁই কুটুব মিনাৰ মেৰামতি কৰাৰ উপৰি বৰ্তমানৰ উচ্চতালৈ (৭১.২৪ মিটাৰ, চিৰি ৩৭৯টা) নিৰ্মাণ কৰে। তেওঁৰ নামেৰেই যমুনা নদীৰ উত্তৰ-পূবত নিৰ্মাণ হয় ফিৰোজাবাদ চহৰ।
➡️১৮২৮ চনত আধুনিক ইউৰোপীয় নাটকৰ পথিকৃৎ নৰৱেৰ হেনৰিক (যোহান) ইবছেনৰ জন্ম।
➡️১৮৯০ চনত সাহিত্যিক জ্ঞাননাথ বৰাৰ জন্ম।
➡️১৯৯৬ চনত ‘হায়াকুটাক ৯৬’ নামৰ ধুমকেতুটো পৃথিৱীৰ আকাশত দৃশ্যমান হয়। ২৫ মাৰ্চলৈকে এই ধুমকেতুটো দৃশ্যমান হৈ থাকে।
➡️২০০৫ চনত জাপানত প্ৰবল ভূমিকম্প, কেইবাশলোকো এই ভূমিকম্পত নিহত হয়।
➡️২০০৬ চনত প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু কুমাৰ ফুকনৰ মৃত্যু।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ২০ মাৰ্চ
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Next Post
You might also like