আজি ১ অক্টোবৰ

১৯৫৮ জোখ-মাখৰ এককৰ ক্ষেত্ৰত ভাৰতত মেট্রিক পদ্ধতিৰ প্ৰৱৰ্তন।

১৫৭৪ তৃতীয় শিখ গুৰু অমৰ দাসৰ মৃত্যু।

১৮৪৭ বিশিষ্ট ইংৰাজ লেখিকা তথা সমাজবাদৰ প্রবক্তা এনি বেছাণ্টৰ জন্ম। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভানেত্ৰীৰ (১৯১৭) দায়িত্ব গ্রহণ কৰা এইগৰাকী বিদূষী মহিলাই ভাৰতত স্বায়ত্তশাসনৰ দাবীত আন্দোলনো কৰিছিল।

১৮৫৪ ভাৰতত চৰকাৰীভাৱে ডাকটিকটৰ প্রৱর্তন।

১৮৮১ ব’য়িং বিমান কোম্পানীৰ প্রতিষ্ঠাতা উইলিয়াম এডৱার্ড ব’য়িঙৰ জন্ম।

১৮৯৫ পাকিস্তানৰ প্রথম প্রধান মন্ত্রী লিয়াকৎ আলী খাঁৰ জন্ম।

১৯৫৩ ইংৰাজে গঠন কৰা ‘মাদ্রাজ প্রেছিডেন্সি’ প্ৰদেশৰ ১১খন জিলা একত্রিত হৈ নতুন অন্ধ প্রদেশ গঠিত।

১৯৮৮ মিখাইল গর্বাচেভ ছোভিয়েট ৰাছিয়াৰ নতুন ৰাষ্ট্ৰপতি।

১৯৬৭ ভাৰত পৰ্যটন বিকাশ নিগম লিমিটেড গঠন।

১৯৫৮ জোখ-মাখৰ এককৰ ক্ষেত্ৰত ভাৰতত মেট্রিক পদ্ধতিৰ প্ৰৱৰ্তন।

১৯৭৮ বিবাহৰ ক্ষেত্ৰত ভাৰতত ছোৱালীৰ ন্যূনতম বয়স ১৫ বছৰৰ পৰা ১৮ বছৰলৈ আৰু ল’ৰাৰ ১৮ বছৰৰ পৰা ২১ বছৰলৈ বৃদ্ধি।

২০০৩ অন্ধ্র প্রদেশৰ মুখ্য মন্ত্রী চন্দ্রবাবু নাইডু এক গ্রেনেড বিস্ফোৰণত আহত।

You might also like
Leave A Reply

Your email address will not be published.