নেচনেল ডেস্ক:
বুধবাৰে সন্ধিয়া ছত্তীশগড়ৰ ধামতাৰি জিলাত ভয়াৱহ পথ দুৰ্ঘটনা। জগত্ৰাৰ সমীপৰ কাংকেৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনটো।এখন বলেৰ’ আৰু এখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষত থিতাতে মৃত্যু হয় একেটা পৰিয়ালৰ কমেও ১০ গৰাকী সদস্য। দুৰ্ঘটনাটোত এটি শিশুসহ কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। শিশুসহ আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
জানিব পৰা মতে, পৰিয়ালটো ছ’ৰামৰ পৰা মাৰ্কাটোলালৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনা সংঘটিত হোৱাৰ কিছু সময়ৰ পাছতে পুৰুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।
ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে দুৰ্ঘটনাটোত গভীৰ শোক প্ৰকাশ কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰশাসনক নিৰ্দেশ দিছে।।