অৱশেষত গ্ৰেপ্তাৰ চুমি বৰা আৰু তাৰ্কিক বৰা

মহাপ্ৰৱঞ্চক বিশাল ফুকনক গ্ৰেপ্তাৰৰ পিছৰে পৰা পলায়ন কৰি আছিল চুমি বৰাই। কিন্তু ১০ দিনেই পলাই থকাৰ অৱশেষত গ্ৰেপ্তাৰ হ’ল চুমি বৰা আৰু তাৰ্কিক বৰা। ভুৱা ট্ৰেডিঙৰ নামত কোটি-কোটি টকা প্ৰৱঞ্চনাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চুমি বৰাৰ পাতি লোৱা ভায়েক বিশাল ফুকনক। কিন্তু পাতি লোৱা ভায়েক গ্ৰেপ্তাৰৰ পিছৰে পৰা পলায়ন কৰি আছিল চুমিয়েই।ডিব্ৰুগড় জিলা পুথিভঁৰালৰ সন্মুখৰ পৰা STFএ নিজৰ জিম্মাত লয় চুমী তাৰ্কিকক।পুৱা ৬:৩০ বজাত STF য়ে নিজৰ জিম্মাত লৈছিল। আজি দিনৰ ১০ বজাৰ ভিতৰত ডিব্ৰুগড় আৰক্ষীক হস্তান্তৰ কৰিব। ‘X’ যোগে জনালে আৰত্ৰীৰ সঞ্চালক প্ৰধান জি পি সিঙে।বুধবাৰে আবেলি চুমি বৰাই আত্মসমৰ্পণ কৰিব বুলি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছিল এক ভিডিঅ’। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা ভিডিঅ’ত নিজকে ধোঁৱা তুলসীৰ পাত সজাইছিল চুমিয়ে।

You might also like
Leave A Reply

Your email address will not be published.