আজি ২২ জুলাই

➡️১৭০২ ব্রিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ডাচ্চ ইষ্ট ইণ্ডিয়া কোম্পানী একত্ৰীকৰণ, ইয়াৰ নতুন নাম হয় ‘ইউনাইটেড কোম্পানী অব মার্চেন্টছ অব্‌ ইংলেণ্ড ট্রেডিং টু দি ইষ্ট ইণ্ডিজ’।

➡️১৮২২ অষ্ট্ৰিয়াৰ ধৰ্মযাজক আৰু প্ৰকৃতি-বিজ্ঞানী গ্ৰেগৰ জোহান মেণ্ডেলৰ জন্ম।

➡️১৮৯৪ ফ্ৰান্সত প্ৰথম মটৰ গাড়ী দৌৰ প্ৰতিযোগিতা।

➡️১৯৪৪ পোলেণ্ডত ফেচিষ্ট শাসনৰ অৱসান। হৃত স্বাধীনতা পুনৰুদ্ধাৰ।

➡️১৯৪৭ কংগ্ৰেছৰ কৰাচী অধিৱেশনত গৃহীত পতাকাখনত যতৰৰ ঠাইত অশোক চক্র বহুৱাই ইয়াক ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা ৰূপে গ্রহণ। এই পতাকাৰ আৰ্হি নিৰ্মাতা আছিল বদৰুদ্দিন তৈয়বজী।

➡️১৯৮১ ভাৰতৰ প্ৰথম ভূ-সমলয় (Geostationary) যোগাযোগ উপগ্রহ ‘এপ্ল’ মহাকাশত সক্রিয়, আৰু পৃথিৱীলৈ তথ্য প্ৰেৰণ আৰম্ভ। ১৯ জুনত ইয়াক দক্ষিণ আমেৰিকাৰ ফ্ৰান্স গিয়েনাৰ পৰা সফলতাৰে উৎক্ষেপণ কৰা হৈছিল। ৬৭০ কিলোগ্রাম ওজনৰ এই উপগ্রহ উৎক্ষেপণেৰে যোগাযোগ উপগ্রহ নিৰ্মাণ আৰু উৎক্ষেপণত ভাৰত পঞ্চম স্থানলৈ উন্নীত।

➡️১৯৯১ নতুন দিল্লীৰ নেচনেল ইনষ্টিটিউট অব্ ইমিউন ‘লজীৰ সঞ্চালক ডঃ জি পি তলোৱাৰলৈ ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক সম্মান ‘লিজিয়ন অব্ অনাৰ’ প্রদান। এই সম্মান লাভ কৰা তেৱেঁই প্রথম ভাৰতীয় বিজ্ঞানী।

➡️১৯৯৯ পৃথিৱীৰ আটাইতকৈ ডাঙৰ টেলিস্কোপ ‘চন্দ্র’ক মহাকাশত স্থাপন।

➡️২০০৩ দক্ষিণ চীনত প্রবল ভূমিকম্প (ৰিষ্টাৰ স্কেলত প্রাবল্য ৬.২), বিস্তৰ ক্ষয়-ক্ষতি।

➡️২০০৬ বিশিষ্ট কবি হৰি বৰকাকতিৰ (৭৯) মৃত্যু।

You might also like
Leave A Reply

Your email address will not be published.