আন্তর্জাতিক সমাজ দিৱস।
নৰৱেৰ সংবিধান দিৱস।
বিশ্ব দূৰসংযোগ দিৱস।
১৪৯৮ উত্তমাশা অন্তৰীপেদি পর্তুগীজ নাৱিক ভাস্কো ডা- গামাৰ ভাৰতত প্ৰৱেশ। ১৪৯৭ চনৰ ১ জুলাইত তেওঁচাৰিখন জাহাজ আৰু ১৭০জন সহযাত্ৰীৰে লিছবনৰ পৰা যাত্রা কৰিছিল।
১৫৪০ কনৌজৰ যুদ্ধত শ্বেৰ শ্বাহৰ হাতত হুমায়ুন পৰাজিত। শ্বেৰ শ্বাহৰ দিল্লী-পঞ্জাব অধিকাৰ।
১৭৪৯ ইংৰাজ চিকিৎসক, বসন্ত ৰোগৰ প্ৰতিষেধক ছিটাৰ আৱিষ্কাৰক এডোৱাৰ্ড জেনাৰৰ জন্ম। ১৮১৪ নৰৱেৰ স্বাধীনতা ঘোষণা।
১৮৫৭ দ্বিতীয় বাহাদুৰ শ্বাহ ভাৰতৰ মোগল সম্রাট।
১৮৯৬ ‘হেমকোষ’ৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু। ১৯০০ ইৰানৰ ধৰ্মগুৰু আয়াতুল্লা খোমেইনীৰ জন্ম।
১৯৯৬ আততায়ীৰ গুলীত সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যু।
১৯৯৯ ভাৰতীয় বংশোদ্ভৱ মহেন্দ্ৰ চৌধুৰী ফিজিৰ প্ৰধান মন্ত্রী।
২০০১ এ কে এন্টনী কেৰালাৰ মুখ্য মন্ত্ৰী।
২০০৪ ভাৰতত নতুন চৰকাৰ গঠনৰ সন্দৰ্ভত আলোচনাৰ বাবে ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ কংগ্ৰেছ সভানেত্রী ছোনিয়া গান্ধীক আমন্ত্রণ।
চতুর্দশ লোকসভা গঠনৰ বাবে নির্বাচন আয়োগৰ অধিসূচনা জাৰি।
২০০৭ প্রধান মন্ত্রী মনমোহন সিং বিনা প্রতিদ্বন্দ্বিতাৰে অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ ৰূপে নির্বাচিত।