আজি ১৫ জানুৱাৰী

⏩ক্ৰোৱেচিয়াৰ ৰাষ্ট্ৰীয় দিৱস।
⏩সেনা দিৱস।
⏩১৭৮৪ উইলিয়াম জোন আৰু ৱাৰেন হেষ্টিংছৰ পৃষ্ঠপোষকতাত এছিয়াটিক ছচাইটী অব্ বেংগল প্ৰতিষ্ঠা। পাছত ইয়াৰ নাম হয়গৈ ৰয়েল এছিয়াটিক ছচাইটী আৰু ১৯৫১ চনৰ জুনৰ পৰা হয়গৈ এছিয়াটিক ছচাইটী।
⏩১৯২৯ কৃষ্ণাংগ লোকৰ স্বাধিকাৰ আনন্দোলনৰ নেতা মাৰ্টিন লুথাৰ কিঙৰ (জুনিয়ৰ) আমেৰিকাত জন্ম।
⏩১৯৩৪ বিহাৰ আৰু নেপালত ভয়াৱহ ভূমিকম্প। প্ৰায় ২০,০০০ লোকৰ মৃত্য়ু।
⏩১৯৪৯ জেনেৰেল কে এম কেৰিয়াপ্পাৰ ভাৰতীয় সেনাৰ প্ৰথম ভাৰতীয় কামাণ্ডাৰ-ইন-চীফ ৰূপে কাৰ্যভাৰ গ্ৰহণ। এই বছৰৰ পৰা ১৫ জানুৱাৰীৰ দিনটো ‘সেনা দিৱস’ ৰূপে পালন কৰি অহা হৈছে। জেনেৰেল কেৰিয়াপ্পাই ১৯৫৩ চনৰ ১৪ জানুৱাৰীলৈকে এই পদত কাৰ্যনিৰ্বাহ কৰে।
⏩১৯৫৮ বেংগল-আছাম ৰে’লৱেৰ নাম সলনি, নতুন নাম উত্তৰ-পূব সীমান্ত ৰে’লৱে।
⏩১৯৮৬ ভাৰতীয় বিমান বাহিনীত প্ৰথমবাৰৰ বাবে মহিলা পাইলটৰ নিযুক্তি।
⏩১৯৮৮ চন্দ্ৰপ্ৰসাদ শইকীয়াৰ সম্পাদনাত অসমীয়া দৈনিক বাতৰিকাকত ‘নতুন দৈনিক’ৰ প্ৰকাশ। কাকতখনৰ প্ৰস্তাৱনা সংখ্য়া প্ৰকাশ হয় ১৯৮৮ চনৰ ১ জানুৱাৰীত।
⏩১৯৯৮ ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী (ভাৰপ্ৰাপ্ত) গুলজাৰিলাল নন্দৰ মৃত্য়।
⏩২০০২ অসমত ইন্টাৰনেট সেৱাৰ মুকলি।
⏩২০০৭ কে জি বালকৃষ্ণণৰ ভাৰতৰ উচ্চতম ন্য়ায়ালয়ৰ মূখ্য় ন্য়ায়ধীশ ৰূপে কাৰ্যভাৰ গ্ৰহণ।

You might also like
Leave A Reply

Your email address will not be published.