আজি ৫ আগষ্ট

▶️১৮৫০ চনৰ আজিৰ দিনটোতেই ফৰাচী কথাশিল্পী গি দা মোপাছাঁৰ জন্ম হৈছিল।
▶️১৯৩০ চনৰ আজিৰ দিনটোতেই চন্দ্ৰত ভৰি দিয়া প্ৰথম ব্যক্তি নীল আৰ্মষ্ট্ৰঙৰ জন্ম হৈছিল।
▶️১৯৬২ চনৰ এই দিনটোতেই মোহময়ী অভিনেত্ৰী মেৰিলীন মনৰোৰ মৃত্যু ঘটিছিল।
▶️১৯৫০ চনৰ আজিৰ দিনটোতেই লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু ঘটিছিল।
▶️১৮৯৫ চনৰ এই দিনটোতেই সমাজবাদৰ অন্যতম প্ৰৱক্তা তথা কাৰ্ল মাৰ্ক্সৰ সহযোগী ফ্ৰেডৰিক এঞ্জেলৰ দেহাৱসান।
▶️১৯৫৪ চনৰ এই দিনটোতেই নতুন দিল্লীত ললিত-কলা একাডেমী মুকলি।
▶️১৯৬৩ চনৰ এই দিনটোতেই পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি স্বাক্ষৰিত।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই ন্যায়াধীশ লীলা শেঠৰ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা বিচাৰপতি ৰূপে কাৰ্যভাৰ গ্ৰহণ।
▶️১৯৯৮ চনৰ আজিৰ দিনটোতেই অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈৰ ৭৬ বছৰ বয়সত মৃত্যু।
▶️১৯৬০ চনৰ আজিৰ দিনটোতেই পশ্চিম আফ্ৰিকাৰ ভূমিবদ্ধ দেশ বাৰকিনা ফাছোৰ স্বাধীনতা লাভ।
▶️১৯৫৭ চনৰ এই দিনটোতেই জাৰ্মান বিজ্ঞানী হাইনৰিখ অটো ভিলাণ্ডৰ মৃত্যু।তেওঁ ১৯২৭ চনত ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.